গুৱাহাটী,২২ মাৰ্চঃ ৰেল আৰু বিমান সেৱাৰ পিছত ৰাজ্যত এইবাৰ সীমিত হ’ব সকলো ধৰণৰ ৰাজহুৱা যান বাহনৰ চলাচল। সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ জৰিয়তে নিজৰ লগতে আনকো বচোৱাৰ স্বাৰ্থত পৰিবহণ সংস্থাসমূহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। দৈনিক অগ্ৰদূত”ৰ আগত এই কথা প্ৰকাশ কৰি সদৌ অসম মটৰ পৰিবহন সন্থাৰ সচিব প্ৰধান প্ৰদীপ দাসে কয় যে মৃত্যুদূতৰূপী কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত দেওবাৰে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ জনতা সান্ধ্য আইন পালনৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানক সহাঁৰি জনাবলৈ আহ্বান জনাইছে ৷গতিকে মোডীৰ এই সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ছোৱাত চিটীবাছ,দূৰণীবটীয়া বাছকে ধৰি অন্যান্য যান বাহনৰ চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে গুৱাহাটী মহানগৰীত ২৪ মাৰ্চ পৰ্যন্ত চলাচল নকৰে চিটীবাছ ৷কৰ’না ভাইৰাছৰ পৰা জনসাধাৰণক সুৰক্ষিত কৰিবলৈ এই সিদ্ধান্ত চিটীবাছ মালিক সন্থাৰ ৷ লগতে অনাগত দিনত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চিটী বাছ চলাচলৰ ক্ষেত্ৰত পদক্ষেপ ল’ব মটৰ পৰিবহণ সন্থাই ৷ উক্ত সময়ছোৱাত চলাচল কৰিবলগীয়া চিটীবাছকে ধৰি অন্যান্য যান বাহনসমূহ চেনিটাইজাড কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলিও দাসে উল্লেখ কৰে ।ইপিনে অনিৰ্দিষ্টকাললৈ মহানগৰীত অনলাইন ফেয়াৰ টেক্সিৰ চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম কেব অপাৰেটৰ্ছ ইউনিয়নে ৷কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা এখন জৰুৰী বৈঠকত ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে কয় যে প্ৰতিনিয়ত বিশ্বৰ নতুন নতুন দেশলৈ সংক্ৰমিত হৈছে মৃত্যুদূত ৰূপী কৰ’না ভাইৰাছ। ইয়াৰ বাবে জনসমাগমৰ লগতে সামাজিক পৰা দূৰত্বত থাকি চৰকাৰে বাৰম্বাৰ অনুৰোধ জনোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ৷ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি উন্নত হ’লেই পুনৰ অনলাইন ফেয়াৰ টেক্সি সেৱা মুকলি হ’ব বুলি কোৱাৰ লগতে ইছমাইল আলীয়ে কয় যে এই মুহূৰ্তত সকলো জনগণ সতৰ্ক আৰু সজাগ হোৱা প্ৰয়োজন ৷উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই ইতিমধ্যে ১৯৮ খনৰো অধিক যাত্ৰীবাসী ৰেলৰ সেৱা বাতিল কৰিছে ৷ তদুপৰি ৰাজ্যৰ প্ৰতিটো বিমানকোঠত সকলো ধৰণৰ বিমানৰ উৰণ আৰু অৱতৰণ প্ৰক্ৰিয়া সীমিত কৰা বুলি অসামৰিক বিমান পৰিবহন সেৱাৰ সূত্ৰই জনায় ৷
ৰাজ্যত সীমিত হ’ব ৰাজহুৱা যান বাহনৰ চলাচল
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026