অগ্ৰদূত বাৰ্তা,২৩ মাৰ্চঃ চৌদিশে কৰ’নাৰ আতংকৰ মাজতে আজি বিহপুৰীয়াত দেখা গ’ল সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন ৷ এগৰাকী হিন্দু মহিলাৰ শৱ দেহ হিন্দু পৰম্পৰা অনুসৰিয়েই সৎকাৰ কৰিলে মুছলমান সমাজে ৷ বিহপুৰীয়াৰ ১ নং ৱাৰ্ডত যোৱা নিশা ৱাৰ্ডৰ ৰেনুমাই ফুকন নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধাৰ মৃত্যু হয় ।দুই পুত্ৰসহ বাস কৰা বৃদ্ধা গৰাকীৰ মৃতদেহ সৎকাৰৰ বাবে ওচৰত কোনো হিন্দু লোক নথকাত সদৌ চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক তথা বিহপুৰীয়া মহাবিদ্যালয়ৰ উপাধ্যক্ষ হৰেণ চুতীয়াৰ লগতে আগবাঢ়ি আহিল অঞ্চলটোৰ মুছলমান সমাজ ৷মুছলমান সমাজৰ মাজত বাস কৰা হিন্দু পৰিয়ালটিক উদ্ধাৰৰ বাবে আগবাঢ়ি অহা ৰাইজে কেইগৰাকীমান হিন্দু লোকৰ সহযোগত সম্পূৰ্ণ হিন্দু পৰম্পৰাৰে মহিলা গৰাকীৰ মৃতদেহ সৎকাৰ কৰে ।উল্লেখ্য যে কৰ’না ভাইৰাছৰ আতংকত ৰাইজ গৃহবন্দী হৈ থকা সময়তে মহিলা গৰাকীৰ শৱ দাহ কৰাক লৈ তীব্ৰ সমস্যাৰ সৃষ্টি হৈছিল ৷ঠিক তেনে সময়তে স্থানীয় মুছলমান ৰাইজে দেখুৱালে সম্প্ৰীতিৰ এক বিৰল নিদৰ্শন ৷
কৰ’না আতংকঃ বিহপুৰীয়াত হিন্দু মহিলাৰ শৱ দাহ কৰিলে মুছলমান সমাজে
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026