গুৱাহাটী,২৩ মাৰ্চঃ সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে বলীউডৰ মোহময়ী অভিনেত্ৰী কৰীনা কাপুৰ খানে ইটালীৰ কাৰণে কৰিছে বিশেষ প্ৰাৰ্থনা ।অভিনেত্ৰী কৰীনাই স্বামী চেইফ আলী খানৰ লগত ইটালী ভ্ৰমণ কৰা এখন বিশেষ ফ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিখিছে “মৰমৰ ইটালী,আপোনালোকৰ কাৰণে মোৰ মৰম আৰু প্ৰাৰ্থনা ৷”ইফালে সম্প্ৰতি কৰীনা কাপুৰ খানে কৰ’না ভাইৰাছৰ কাৰণে নিজৰ সকলো কাম কাজ এৰি ঘৰতেই পৰিয়ালবৰ্গৰ সৈতে সময় অতিবাহিত কৰিছে ৷
আনহাতে কৰীনাই বলীউডৰ অভিনেতা আমিৰ খানৰ সৈতে লাল সিং চড্ডা ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত আছিল ৷ কিন্তু কৰ’না ভাইৰাছৰ কাৰণে ছবিখনৰ দৃশ্যগ্ৰহণ বাতিল কৰা হৈছে। ছবিখন চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মুক্তি লাভ কৰিব ।ইয়াৰ পূৰ্বে কৰীনা আৰু আমিৰ খানে একেলগে 3ইডিয়ডছ,তালাশ ছবিত অভিনয় কৰিছিল ৷উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ কাৰণে সমগ্ৰ দেশত লক ডাউন কৰাৰ সমান্তৰালভাৱে বলীউডতো ইয়াৰ প্ৰভাৱ পৰিছে। কাৰণ ইতিমধ্যে বহু কেইখন ছবিৰ আৰু হিন্দী ধাৰাবাহিকৰ দৃশ্যগ্ৰহণ বাতিল কৰা হৈছে ৷ সেয়েহে মনোৰঞ্জন জগতৰ লগত জৰিত সকলো চেলীব্ৰেটীয়ে সম্প্ৰতি বিভিন্ন ভিডিঅ’ৰ জৰিয়তে অনুৰাগীৰ মাজত কৰ’না ভাইৰাছক লৈ সজাগতাৰ সৃষ্টি কৰিছে ৷
