স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতাল পৰিদৰ্শন কৰে। হস্পিতালখনত শেহতীয়াকৈ প্ৰৱৰ্তন কৰা আইছ’লেশ্বন আৰু স্ক্ৰিনিং টেষ্ট ব্যৱস্থাৰ বুজ লোৱাৰ লগতে হস্পিতালৰ মুখ্য অধীক্ষক আৰু অধীক্ষক সহ চিকিৎসক কৰ্মীৰ সৈতে মত বিনিময় কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। ক’ভিড ১৯ প্ৰতিৰোধৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলীৰ সন্দৰ্ভত হস্পিতাল কৰ্তৃপক্ষক বিভিন্ন নীতি- নিৰ্দেশনা প্ৰদান কৰি মন্ত্ৰী শৰ্মাই হস্পিতালখনৰ চিকিৎসক- চিকিৎসাকৰ্মীক উৎসৰ্গিত মনোভাৱেৰে কৰ্তব্য পালন কৰি যোৱাৰ লগতে বিপদৰ সময়ত বৰপেটা এৰি নাযাবলৈ আহ্বান জনায়। অতি সোনকালেই বৰপেটা মেডিকেল কলেজ হস্পিতালৰ পৰীক্ষাগাৰক আই চি এম আৰে স্বীকৃতি দিব বুলি আশা কৰাৰ লগতে বৰপেটাতে স্ক্ৰীনিং কৰিব পৰা যাব বুলি ঘোষণা কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। নামনি অসমৰ জনবসতিৰ ঘনত্ব অতি বেছি আৰু অতিশয় বিপজ্জনক, যদিহে ইয়াত কৰ’না ভাইৰাছ সংক্ৰমিত হয় ৫ মিনিটৰ ভিতৰতে ষ্টেজ ২ পাব আৰু তেতিয়া বৰপেটা মেডিকেল কলেজ হস্পিতালত ৫ হাজাৰ ৰোগীক চিকিৎসা প্ৰদান কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’ব। অন্যহাতে, বৰপেটা মেডিকেল কলেজ হস্পিতালত ইলেকটিভ চাৰ্জাৰীবোৰ বন্ধ ৰখাৰ উপৰিও বহিঃ বিভাগৰ ৰোগী কমোৱাৰ বাবে নিৰ্দেশ দিয়াৰ লগতে সাধাৰণ ৰোগীক স্থানীয় চিকিৎসায়লৈ যাবলৈ আহ্বান জনায়। চিকিৎসকসকলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী, চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলক ২৪ ঘণ্টাই থাকিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা সম্পৰ্কেও বুজ লয়।বিদেশ অথবা বহি ৰাজ্যৰ পৰা অহা লোকসকলক ১৪ দিনৰ বাবে ঘৰৰ ভিতৰত আছুতীয়াকৈ ৰাখিবলৈ আহ্বান জনায় মন্ত্রীগৰাকীয়ে। আনহাতে, বহি ৰাজ্যৰ পৰা আজি শেষ ৰেল অসমলৈ আহিব আৰু এই ৰেলত আহিবলগা প্রায় দুহেজাৰ ৰেল যাত্ৰীক গুৱাহাটী ৰেল ষ্টেচনতে ষ্টাম্পি কৰা হ’ব আৰু কোনো ৰেল যাত্ৰীৰ শৰীৰত ৰোগৰ লক্ষণ ধৰা পৰিলে তেওঁলোকক গুৱাহাটীতে নিৰীক্ষণ ৰাখিব বুলিও জনায় মন্ত্ৰী শৰ্মাই।
বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতাল পৰিদৰ্শন মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
-
By samimsultana

Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026