পশ্চিম বংগৰ শিয়ালদাহ ৰেলৱে ষ্টেচনত যোৱা দুদিনৰ পৰা আৱদ্ধ হৈ আছে অসমৰ বহু যুৱক। কেৰেলা তথা দক্ষিণ ভাৰতত কৰ্মৰত থকা এই লোকসকল কৰ’না ভাইৰাছৰ আক্রান্তৰ ভয়ত ঘৰলৈ উভতি অহাৰ চেষ্টা কৰে। যোৱা শুক্ৰবাৰে ৰেলেৰে ঘৰলৈ যাত্ৰা আৰম্ভ কৰা এইসকল যুৱক সোমবাৰে পুৱাৰ ভাগত উপস্থিত হৈছিল পশ্চিমবংগৰ হাওৰাত। তাৰপিছতে অসমলৈ আহিবলগা ৰেল বিচাৰি শিয়ালদাহ ৰেল ষ্টেচনত উপস্থিত হয় যদিও কোনো ধৰণৰ ৰেলৰ ব্যৱস্থা নথকাত তাতে আৱদ্ধ হৈ পৰে অসমৰ পাঁচ শতাধিক লোক। পশ্চিম বংগত লক ডাউন কৰাৰ বাবে অধিক বিপাঙত পৰিবলগীয়া হৈছে অসমৰ এই লোকসকল। থকা ঠাইৰ অভাৱ, প্ৰয়োজনীয় চিকিৎসা বা পৰীক্ষণৰ পৰা বঞ্চিত তথা খাদ্যৰ অভাৱত পৰাৰ ফলত প্লেটফৰ্মৰ বাহিৰত ৰৈ থাকিবলগীয়া হৈছে বুলি ফোনযোগে জনায় চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাওঁৰ মনোৰঞ্জন বৰ্মন, ৰাজেশ্বৰ বৰ্মন আৰু অন্যান্য কেইবাজনো লোকে। পশ্চিমবংগৰ চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় নোপোৱা এই লোকসকলে অতি শীঘ্ৰে অসমলৈ অহাৰ ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰক আহ্বান জনাইছে।