নতুন দিল্লী,২৩ মাৰ্চঃএইবাৰ কৰ’না ভাইৰাছৰ প্ৰভাৱ পৰিল লোকসভাৰ অধিবেশনত। সোমবাৰে সংসদৰ নিম্ন অধিবেশন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কৰ’না ভাইৰাছৰ কাৰণে লোকসভাৰ অধিবেশন স্থগিত ৰখাৰ সিদ্ধান্তৰ বিষয়ে পূৰ্বৰ পৰাই চৰ্চা হৈ আহিছিল। কিন্তু আজি দুপৰীয়া ৰাজ্যসভাৰ অধ্যক্ষ ভেঙ্কায়া নাইডুয়ে ৰাজ্যসভা স্থগিত ৰখাৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰে ৷ ইতিমধ্যে দেশৰ ৭৫ জিলাত সম্পূৰ্ণৰুপে বন্ধৰ নিৰ্দেশ দিছে চৰকাৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনতা কাৰ্ফিউলৈ জনতাৰ অভূতপূৰ্ব সহাঁৰিক ইতিবাচক বুলি মন্তব্য কৰে নাইডুয়ে ৷ইফালে আজি লোকসভাত কংগ্ৰেছ দলৰ নেতা অধীৰ চৌধুৰীয়ে কৰ’না ভাইৰাছত আক্ৰান্ত লোকসকলৰ কাৰণে চৰকাৰক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কাৰণে পদক্ষেপ ল’বলৈ দাবী কৰে ৷ আনহাতে সম্প্ৰতি দেশত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৪৬৮ জনলৈ বৃদ্ধি পাইছে ৷মৃত্যু হৈছে নজন ৷ দেশৰ জনসাধাৰণৰ মাজত উদ্বেগ আৰু আতংকই বিৰাজ কৰিছে। গতিকে এই পৰিপেক্ষিতত আজি সংসদৰ দুই সদনৰ কাম কাজ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়।