মুম্বাই,২৩ মাৰ্চঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেও আহ্বান জনোৱা জনতা সান্ধ্য আইন দেশবাসীয়ে সৰ্বাত্মকভাৱে পালন কৰাত ৰাইজক ধন্যবাদ জ্ঞাপন কৰিলে বলিউদৰ মহাতাৰকা অভিনেতা অমিতাভ বচ্চনে। জনপ্ৰিয় অভিনেতাজনে কয় যে এইদৰে কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যৰে দেশবাসীয়ে সৰ্বাত্মকভাৱে জনতা সান্ধ্য আইন পালনৰে সমগ্ৰ বিশ্বৰ আগত এক অনুকৰণীয় নিৰ্দশন দাঙি ধৰিলে। এটি অনুৰোধ এক নিৰ্দেশ,এক আহ্বান,এক নিহিতাৰ্থ আৰু এখন দেশ সম্পূৰ্ণৰূপে অনুাসনত ৷আমি এখন দেশক সম্পূৰ্ণ বন্ধ অৱস্থাত প্ৰত্যক্ষ কৰিলো ৷এজনে আনজনৰ নিৰাপত্তাৰ বাবে আমি বিশ্বৰ আগত এক অনুকৰণীয় উদাহৰণ দাঙি ধৰিলো ৷আমি এক,আমি অদ্বিতীয়,আমি ভাৰতীয় ৷জয় হিন্দ। জনতা সান্ধ্য আইন পালনৰ প্ৰতা দেশবাসীয়ে ব্যাপক সমৰ্থনত উৎফুল্লিত হৈ বলিউডৰ মহাতাৰকা অভিনেতাজনে আজি এইদৰে টুইট কৰে ।আন এটি টুইটত অমিতাভে কয়,পুৱা সাত বজাৰ পৰা নিশা ন বজালৈকে ঘৰৰ ভিতৰত থাকক ।ইয়াৰ পাছতো ঘৰতে থাকক ।সন্ধিয়া পাঁচ বজাত বেলকনিত থিয় হৈ মই সেইসকলৰ বাবে হাত চাপৰি বজাম,যিসকলে বিষম পৰিস্থিতিতো আমাৰ সুৰক্ষাৰ বাবে কৰ্মৰত হৈ আছে ।