নগাঁও,২৫ মাৰ্চঃ দেশৰ অন্য ঠাইৰ লগতে নগাঁও জিলাবাসীয়ে কৰ’ণাৰ আতংকত ত্ৰস্তমান হৈ পৰিছে। নগাঁৱত কেৰেলা,কৰ্ণাটক,মহাৰাষ্ট্ৰ,গুজৰাট,অন্ধ্ৰপ্ৰদেশ প্ৰমুখ্যে বিভিন্ন ৰাজ্যৰ পৰা প্ৰত্যাৱৰ্তন কৰা শ্ৰমিকসকলৰ স্কীনিং অব্যাহত আছে। এই পৰ্যন্ত অবিভক্ত নগাঁও জিলাৰ বিভিন্ন চিকিৎসালয়ত বহিঃৰাজ্য ফেৰৎ ৩৬৭৫ গৰাকী লোকৰ স্কীনিং সম্পন্ন কৰা হৈছে ৷আজিৰ দিনটোতে নগাঁও জিলাৰ বিভিন্ন চিকিৎসালয়ত ৯১৮ গৰাকী লোকৰ আৰু হোজাইৰ বিভিন্ন চিকিৎসালয়তো ৫৬১ গৰাকী বহিঃৰাজ্য ফেৰৎ লোকৰ স্কীনিং সম্পন্ন কৰি তেওঁ লোকৰ দেহত ষ্টাম্প মৰা হয় ৷বহিঃৰাজ্যৰ পৰা ওভতি অহা দুজন লোক আৰু বহিঃৰাষ্ট্ৰৰ পৰা ওভতি অহা পিতৃৰ সংস্পৰ্শলৈ অহা এটি শিশুক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ আছুতীয়াকৈ কক্ষত ৰাখি পৰ্যবেক্ষণ কৰা বুলি জিলা স্বাস্থ্য বিভাগে জনাইছে। যোৱা নিশা হোজাই জিলাৰ ডবকা মোৰাঝাৰৰ এটি দুবছৰীয়া শিশুক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰাই পৰ্যবেক্ষণত ৰখা হৈছে। যোৱা ১৯ মাৰ্চত তেওঁৰ পিতৃ ডুবাইৰ পৰা ঘৰলৈ ওভতি আহিছিল। বহিঃৰাজ্যৰ পৰা ওভতি আহি ১৪ দিন আছুতীয়াকৈ থকা নিৰ্দেশনাক অমান্য কৰাৰ পিছতেই ব্যক্তিজনৰ কণমানি শিশুটি জ্বৰ চৰ্দিত আক্ৰান্ত হয় ।ইয়াৰ লগে লগে পৰিয়ালটো আতংকিত হৈ পৰে ।আনহাতে শিশুটিৰ লগতে জ্বৰত আক্ৰান্ত আন দুজন লোকৰ দেহত কৰ’না ভাইৰাছ আছেনে নাই তাক নিশ্চিত কৰিবলৈ তেজৰ নমুনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।ইফালে নগাওঁ চহৰত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ জৰিয়তে ওষধযুক্ত পানী ছটিয়াই বাট পথসমূহ বীজানুমুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হয় ৷ লগতে জিলা স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে কৰ’না সংক্ৰমণৰ সন্দেহ কৰা লোক সকলক ভৰ্তি কৰাই চিকিৎসা প্ৰদানৰ কাৰণে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ২৫ খন বিচনা,বেবেজীয়াৰ চিকিৎসালয়ত ১০ খন,উজৰা গাঁও চিকিৎসালয়ত ১০ খন,কন্দলি চিকিৎসালয়ত ১০ খন,মোৱামাৰী চিকিৎসালয়ত ১০ খন আৰু উলুৱনি চিকিৎসালয়ত ১০ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে ৷
এদিনতে নগাঁৱৰ ৯১৮,হোজাইৰ ৫৬১ জনৰ স্কীনিং সম্পন্ন দুজনৰ তেজৰ নমূনা পৰীক্ষাৰ বাবে গুৱাহাটী প্ৰেৰণ
-
By publisher

- Categories: Uncategorized
Related Content
Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ'ল আৰু এজন অসমীয়া যুৱকৰ
By
publisher
March 9, 2026
Today's Horoscope:দিনটোৰ ৰাশিফল
By
publisher
March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
By
publisher
March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
By
publisher
March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
By
publisher
March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
By
publisher
February 28, 2026