মণিপুৰৰ পিছত মিজোৰামত কৰ’নাত আক্ৰান্ত হৈছে  ৫০ বছৰীয়া লোক

images 2 1

মণিপুৰৰ পিছত মিজোৰামত কৰ’নাত আক্ৰান্ত হৈছে  ৫০ বছৰীয়া লো

গুৱাহাটী,২৫ মাৰ্চঃ উত্তৰ পূবৰ মণিপুৰত এগৰাকী যুৱতী কৰ’না ভাইৰৰছত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ কৰ’নাত আক্ৰান্ত হৈছে মিজোৰামৰ ৫০ বছৰীয়া এজন লোক। ব্যক্তিজনক প্ৰথমবাৰ মিজোৰামৰ এখন চিকিৎসালয়ত কৰ’নাত আক্ৰান্ত হয় নে নহয় পৰীক্ষা কৰিছিল। আৰু দ্বিতীয় বাৰৰ কাৰণে যেতিয়া  জি এম চি এইচত ব্যক্তিজনৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । তেতিয়া ব্যক্তিজন কৰ’নাত আক্ৰান্ত বুলি জি এম চি এইচে সদৰি কৰে ৷ইফালে ব্যক্তিজনে শেহতীয়াকৈ কাটাৰ,আদষ্টাডাম,ইষ্টানবুল আৰু দোহা ভ্ৰমণ কৰিছিল ৷ গতিকে ইতিমধ্যে মণিপুৰৰ চৰকাৰে ব্যক্তিজনৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ আনহাতে মণিপুৰৰ ২৩ বছৰীয়া এগৰাকী যুৱতী ক’ভিভ ১৯ ত আক্ৰান্ত হোৱাটো নিশ্চিত কৰিছে ৰাজ্যখনৰ স্বাস্থ্যবিভাগে ৷যুৱতীগৰাকী অলপতে ইংলেণ্ড ভ্ৰমণ কৰি নিজগৃহলৈ উভতি আহিছিল ৷ কৰ’নাত আক্ৰান্ত বুলি জনাৰ পিছত যুৱতীগৰাকীক ইম্ফলৰ জৱাহৰলাল নেহেৰু ইনষ্টিটিউটত অৱ মেডিকেল ছায়েন্সৰ আইছ’লেছন কক্ষত নিৰীক্ষণত ৰখা হৈছে। উল্লেখ্য যে, যুৱতীগৰাকীৰ সংস্পৰ্শলৈ কোনো লোক আহিছিল নেকি,তাৰ সন্ধান অব্যাহত  ৰাখিছে প্ৰশাসনে ৷ দেশৰ বিভিন্ন ৰাজ্যত এই অতিমাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিলেও অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যসমূহ ইমানদিনে সেই বৃত্তৰ বাহিৰত আছিল । বিভিন্ন সময়ত কৰ’নাত আক্ৰান্তৰ সন্দেহ কৰা হলেও পৰীক্ষাত নিগেটিভ ওলাইছিল ৷ কিন্তু সম্প্ৰতি মণিপুৰ আৰু মিজোৰামত হোৱা দুটাকৈ কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ঘটনাই উত্তৰ পূবৰ সকলো ৰাজ্যবাসীৰ মাজত আতংকই দেখা দিছে ৷

Exit mobile version