গোলাঘাট,২৮ মাৰ্চঃ মাৰাত্মক কৰ’না ভাইৰাছৰ পৰা দেশবাসীৰ জীৱন ৰক্ষাৰ উদ্দেশ্য ২১ দিনীয়া লক ডাউনৰ পৰিপেক্ষিতত ৰাজ্যবাসীয়ে অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি প্ৰয়োজনীয়খিনিৰ বাবে হাহাকাৰ কৰিবলগীয়া নহয়,তাৰবাবে অসম চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ।বিশেষকৈ প্ৰতিখন জিলাত চাউল,দাইল,তেল নিমখকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যাতে সৰ্বসাধাৰণ ৰাইজে লাভ কৰে,তাৰ বাবে জিলা প্ৰশাসনক বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ দিছে ৷আজি গোলাঘাটত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে হেলিকপ্টাৰেৰে আহি উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সাংবাদিকৰ আগত প্ৰকাশ কৰে ।তেওঁ লগতে কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি দেখুৱাই মুনাফালোভী ব্যৱসায়ীয়ে অত্যাধিক মূল্য যাতে দিব নোৱাৰে ।প্ৰশাসনক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবেও তেওঁ আজি নিৰ্দেশ দিয়ে ৷এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আজি মুনাফালোভী ব্যৱসায়ীসকলক এক প্ৰকাৰে সকিয়নী প্ৰদান কৰে ৷স্বাস্থ্য কৰ্মী,আৰক্ষী,প্ৰশাসন,চাফাই কৰ্মী,সাংবাদিক আৰু জৰুৰীকালীন সেৱাসমূহত ব্ৰতী থকা কৰ্মকৰ্তাসকলে এনে জটিল মুহুৰ্তত আগবঢ়োৱা সেৱাক মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰি সৰ্বস্তৰৰ ৰাইজক লক ডাউনৰ সময়ছোৱাত মানি চলিব লগীয়া বিধি ব্যৱস্থাক আখৰে আখৰে পালন কৰিবলৈও আহ্বান জনায়। মুখ্যমন্ত্ৰী সোনোৱালে আজি কৰ’না প্ৰতিৰোধ ব্যৱস্থাপনা সম্পৰ্কত জিলা প্ৰশাসনৰ লগতে পৰ্যালোচনা কৰে ।তেওঁ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কৰা আছুতীয়া কক্ষৰ সুবিধাৰ বুজ লয়। আনহাতে কৰ’না প্ৰতিৰোধত ব্যৱহাৰৰ বাবে ৰাজ্যৰ বিজেপি বিধায়কসকলে এমাহৰ দৰমহা আগবঢ়াব বুলি আজি বিধায়িনী দলৰ হৈ বিধায়ক বিমল বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ইয়াৰ পিছতে উপায়ুক্তৰ কাৰ্যালয়ৰ আলোচনাকক্ষত মন্ত্ৰী অতুল বৰা,বিধায়ক মৃণাল কুমাৰ শইকীয়া,বিমল বৰাৰ উপস্থিতিত খাদ্য আৰু অসামৰিক যোগান, শ্ৰম,পৌৰসভা,চেম্বাৰ অৱ কমাৰ্চৰ প্ৰতিনিধি আৰু শীৰ্ষ বিষয়াসকলৰ লগত আলোচনাত মিলিত হয় ।উক্ত আলোচনা পৰ্বত জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোদীয়ে প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ সন্মুখত বিস্তৃত ব্যাখ্যা আগবঢ়াই ।ইফালে গোলাঘাট অসামৰিক চিকিৎসালয়ত কৰ’না সন্দেহত আছুতীয়া কক্ষত চিকিৎসাধীন হৈ থকা তিনিজন ব্যক্তিক লৈ এক প্ৰকাৰ জিলাবাসী আতংকিত হৈ থকাৰ সময়তে আজি পুৱাৰ ভাগত তেওঁলোকৰ দেহত কভিড ১৯ ৰ অৱস্থিতি শূণ্য ফলাফল অহাত ৰাইজে স্বস্তিৰ নিশ্বাস পেলায় ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া নহয় ৰাইজে,মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026