নতুন দিল্লী,২৮ মাৰ্চঃ ভাৰতৰ সন্মুখত সম্প্ৰতি বৃহৎ বিপৰ্যয়৷ এই সকিয়নী বিশেষজ্ঞৰ ৷আমেৰিকাৰ জন হপকিন্স ইউনিভাৰ্চিটি আৰু চি ডি ডি ই পি নামৰ ৰাজহুৱা স্বাৰ্থ গৱেষণা সংস্থাটোৱে প্ৰকাশ কৰে যে আগন্তুক মাহবোৰত ভাৰতৰ প্ৰায় ১০ কোটি লোক কৰ’না ভাইৰাচত আক্ৰান্ত হোৱাৰ আশংকা আছে। পৰিস্থিতি চম্ভালি নল’লে জুলাই পৰ্যন্ত এই সংখ্যা ৩০ৰ পৰা ৪০ কোটি হ’ব পাৰে ।শুক্ৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লৱ আগৰৱালাই কয় যে এই পৰ্যন্ত ভাৰতত সমূহীয়া সংক্ৰমণৰ কোনো প্ৰমাণ নাই। তেওঁ চৰকাৰী স্থিতি দোহাৰি কয় যে দেশে এতিয়াও ক’ভিড ১৯ৰ সংক্ৰমণৰ তৃতীয় পৰ্যায় পোৱা নাই। ইয়াৰ পৰিৱৰ্তে জন হপকিন্স ইউনিভাৰ্চিটি আৰু চি ডি ডি ই পিৰ প্ৰতিবেদন অনুসৰি মাৰ্চৰ প্ৰথম সপ্তাহতে ভাৰতত সমূহীয়া সংক্ৰমণ আৰম্ভ হৈছে ৷এই নতুন প্ৰতিবেদনৰ পূৰ্বানুমানত কোৱা হৈছে যে এপ্ৰিল মে আৰু জুনত ভাৰতত ক’ভিড ১৯ ৰ চূড়ান্ত পৰিস্থিতি ৰোধ কৰিবলৈ ২১ দিনীয়া তলাবন্ধ ফলপ্ৰসূ নহ”ব ।এই প্ৰতিবেদনত কোৱা হৈছে ২১ দিনীয়া ৰাষ্টীয় তলাবন্ধ উৎপাদনশীল নহয় আৰু ই গুৰুতৰ আৰ্থিক ক্ষতি কৰিব। ক্ষুধাতুৰৰ সংখ্যা বৃদ্ধি পাব আৰু সংক্ৰমণ চূড়ান্ত পৰ্যায়ৰ স’তৈ ইয়াৰ মোকাবিলা কৰিবলৈ ৰাইজৰ ক্ষমতা হ্ৰাস কৰিব ৷কিছুমান ৰাজ্যত দুসপ্তাহ পাছত সংক্ৰমণ বৃদ্ধি হ’ব পাৰে ।প্ৰতিবেদনৰ মতে ভেন্টিলেটৰৰ চাহিদা ১০ লাখলৈ বৃদ্ধি পাব পাৰে ।বৰ্তমান ভাৰতত ৩০ ৰ পৰা ৫০ হেজাৰ ভেন্টিলেটৰ আছে ৷তদুপৰি স্বাস্থ্যকৰ্মীৰ মৃত্যুৰ হাৰৰ বাবেও সাধাৰণ ৰাইজৰ মাজত মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে। গতিকে তলাবন্ধৰ সমান্তৰালভাৱে কৰ’না ভাইৰাছৰ পৰীক্ষাৰ গতিও দ্ৰুত হ’ব লাগিব ৷তাপমাত্ৰা আৰু আৰ্দ্ৰতা বৃদ্ধিৰ ফলত সংক্ৰমণ হ্ৰাসত আমাক সহায় কৰিব পাৰিব ।এই সম্পৰ্কীয় প্ৰমাণ সীমিত যদিও বিশ্বাসযোগ্য ৷এইদৰে প্ৰকাশ পাইছে প্ৰতিবেদনত ৷চীনৰ পৰা প্ৰাপ্ত প্ৰমাণে দেখুৱাইছে যে উচ্চ তাপমাত্ৰা আৰু আৰ্দ্ৰতাই সংক্ৰমণৰ হাৰ হ্ৰাস কৰাৰ সম্ভাৱনা আছে ৷ভাৰতত ফ্ৰেব্ৰুৱাৰীৰ আৰম্ভণিতে এই বীজাণু আহিছে। ইতিমধ্যে সংক্ৰমিত হৈ থকাসকলৰ অহা সপ্তাহত লক্ষণ পৰিস্ফুট হ’ব ৷ এনেদৰে এজনৰ পৰা আন এজনলৈ বিয়পিব ৷অধিকাংশ ক্ষেত্ৰতে লক্ষণবোৰ মৃদু যদিও বয়সস্থসকলৰ মৃত্যুৰ হাৰ অধিক লগতে শিশুসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম। অৱশ্যে ভাৰতৰ ক্ষেত্ৰত ই কেনে ৰূপ লয় সেয়া স্পষ্ট নহয় ।ইপিনে ভাৰতত এই পৰ্যন্ত সাত শতাধিক আক্ৰান্ত হৈছে। মৃত্যু হৈছে ১৮ জন ।এই পৰ্যন্ত সুস্থ হৈ উঠিছে ৬৬ জন ৷
চৰম বিপযৰ্য়ৰ আগজাননী:ভাৰতত জুলাই পৰ্যন্ত কৰ’না ভাইৰাছত সংক্ৰমিত হ’ব পাৰে ৩০-৪০ কোটি
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026