নিউজ ব্যুৰ’,লণ্ডন -মহামাৰী ক’ৰনা ভাইৰাছে সমগ্ৰ বিশ্বতেই তচনচ কৰি গৈছে ।এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশত ‘লকডাউন’ পদক্ষেপ গ্ৰহণ কৰিছে ।সামাজিক দূৰত্ব ব্যৱধান নাৰাখিলে এই ৰোগৰ ভাইৰাছে অতি সোনকালেই এজনৰ পৰা আন এজনলৈ সংক্ৰমিত হৈ সমগ্ৰ বিশ্বৰ জনসংখ্যাক গ্ৰাস কৰিব পাৰে ।চীনত ভয়াবহ ৰূপ ধাৰণ কৰা ক’ৰনা ভাইৰাছৰ সংক্ৰমণ আৰু ইয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত চীনে গ্ৰহণ কৰা ‘তলাবন্ধ’ৰ প্ৰভাৱৰ সন্দৰ্ভত ইম্পেৰিয়াল কলেজৰ গৱেষকে অধ্যয়ন চলাই কয় যে একমাত্ৰ তলাবন্ধৰ জৰিয়তেহে ক’ৰনাৰ দৰে মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাটো বাস্তৱত সম্ভৱ ।যোৱা ২৩ জানুৱাৰীত চীনৰ পাঁচ খন প্ৰদেশত সৰ্বাত্মক তলা বন্ধৰ লগতে বেইজিংত জি পি এছ ট্ৰেকিঙৰ জৰিয়তে ৰাজধানী চহৰ খনৰ বাসিন্দাসকলৰ গতিবিধি নজৰত ৰখা হৈছিল।দেশখনৰ ভিতৰতে প্ৰথমতে ক’ৰনাৰ উৎপত্তিস্থল হিচাপে পৰিচিত হুৱেই প্ৰদেশত সৰ্বাত্মক তলা বন্ধ ঘোষণা কৰা হৈছিল ।এই পদক্ষেপৰে প্ৰদেশ খনক ক’ৰনাৰ সংক্ৰমণৰ পৰা মুক্ত কৰাটো সম্ভৱ হৈছে।হংকংটো একেদৰে সামাজিক ব্যৱধান সৃষ্টি কৰি তলাবন্ধৰ জৰিয়তে এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত বহুখিনি সফল হৈছে ।গতিকে চীনৰ পৰিসংখ্যাৰ বিশ্লেষণ কৰি লণ্ডনৰ ইম্পেৰিয়াল কলেজৰ বিশেষজ্ঞই মন্তব্য প্ৰকাশ কৰিলে যে একমাত্ৰ ‘তলা বন্ধ ‘ ৰ জৰিয়তে মাৰাত্মক ক’ৰনা ভাইৰাছক প্ৰতিৰোধ কৰা সম্ভৱ।
তলা বন্ধ’ৰ জৰিয়তে নিয়ন্ত্ৰিত হ’ব ‘ক’ভিড-১৯
-
By publisher

Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026