শুৱালকুছি,২৮ মাৰ্চঃ কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে কেন্দ্ৰ চৰকাৰ নিৰ্দেশত ২১ দিনীয়াকৈ লক ডাউন ৰাইজক মানিবলৈ আহ্বান কৰাৰ লগতে নিৰ্দেশনা জাৰি কৰা হৈছে ৷এই লক ডাউন অমান্য কৰাৰ বিৰুদ্ধে কেন্দ্ৰৰ নিৰ্দেশত ৰাজ্য চৰকাৰসমূহে লৈছে বিশেষ ব্যৱস্থা ।যাৰ বাবে অসম আৰক্ষীয়েও আইন ভংগকাৰীসকলৰ বিৰুদ্ধে ঘোষণা কৰিছে কঠোৰ নিয়ম ৷ যিয়ে এই আইন ভংগ কৰিব তেও’ বিৰুদ্ধে গোচৰ ৰজু কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশনা অসম আৰক্ষীৰ ৷তেনে সময়তে ২১ দিনীয়া লক ডাউনৰ তৃতীয় দিনা শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত বংশৰ তিনিআলি চকত আইন উলংঘা কৰি আদ্দা দি থকা অৱস্থাত শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত বংশৰ তিনিআলি চকত আইন উলংঘা কৰি আটক হ’ব লগীয়া হ’ল ৫ জন ৷যুৱক কেইজন হৈছে নৰকান্ত বৈশ্যৰ পুত্ৰ গীতু বৈশ্য,লুহিত বৈশ্যৰ পুত্ৰ গীতুল বৈশ্য,উমেশ বৈশ্যৰ পুত্ৰ ৰমেশ বৈশ্য,উমেশ্বৰ পাঠকৰ পুত্ৰ টংকেশ্বৰ পাঠক,গিৰিশ শৰ্মাৰ পুত্ৰ শ্ৰী হাটী নিপুল শৰ্মা ওৰফে নিপন ।এই আটাইকেইজনক এদিন শুৱালকুছি আৰক্ষীৰ জিম্মাত ৰাখি আজি পুৱা তেওঁলোকৰ বিৰুদ্ধে শুৱালকুছি আৰক্ষী থানাৰ কেচ নম্বৰ ৬২/২০২০ ভাৰতীয় দণ্ডবিধি আইন ১০৯/২৬৯ অধীনত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। আনহাতে আজি পুনৰ শুৱালকুছি নক্টাদল অঞ্চলৰ পৰা এজন বিহাৰী সম্প্ৰদায়ৰ লোকক আইন অমান্য কৰি ৰাজপথত টিঘিলঘিলাই থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে ।শুৱালকুছিত নাপিত হিচাপে কাম কৰা লোকজনৰ নাম সুৰেশ ৰজক ৷অসম চৰকাৰ তথা আৰক্ষীৰ নিৰ্দেশনা ভিত্তিত এনেদৰে কঠোৰ হৈ পৰিছে শুৱালকুছি আৰক্ষী। সেয়ে আগন্তক দিনত লক ডাউন অমান্য কৰা লোকসকলৰ বিৰুদ্ধে এনেধৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈ আছে শুৱালকুছি আৰক্ষী ৷
শুৱালকুছিত তলাবন্ধ উলংঘা কৰি গ্ৰেপ্তাৰ হ’ল ৫ জনকৈ লোক
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026