নিউজ ব্যুৰ, মাদ্রিদ-চীনৰ পিছতেই এখনৰ পাছত আন এখন দেশ ক’ৰনা ভাইৰাছে গ্ৰাস কৰাৰ পিছত এইবাৰ ক’ৰনাই ধ্বংসলীলা চলালে স্পেইনত।দিনক দিনে আক্ৰান্তৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যাৰ পৰিপ্ৰেক্ষিতত স্পেনিছ চৰকাৰে অতি কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে ।ক’ৰনাত আক্ৰান্তৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে সকলো ৰোগীক হস্পিতালত স্থান দিয়াৰ বাবে হস্পিতাল সমূহত পৰ্যাপ্ত স্থানৰ অভাৱ ঘটিছে ।ভেন্টিলেটৰ, আইছ’লেছন বেড,টেষ্ট কিট, মাস্ক,সুৰক্ষা পোছাক আদিৰো অভাৱ দেখা গৈছে ।ফলত প্ৰতিজন ৰোগীক প্ৰয়োজনীয় চিকিৎসা প্ৰদানত সমস্যাৰ সৃষ্টিৰ হৈছে স্পেইনৰ চিকিৎসক সকল ।এনে পৰিস্থিতিত কোনসকল ৰোগীয়ে চিকিৎসা পাব আৰু কোনসকলে চিকিৎসা নাপাব সেইয়া সম্পূৰ্ণ ৰূপে বিবেচনা কৰাৰ দায়িত্ব চিকিৎসক সকলৰ ওপৰত অৰ্পণ কৰিছে স্পেনিছ চৰকাৰে ।যাৰ ফলত যথেষ্ঠ চিন্তিত হৈছে চিকিৎসক সকল ।এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে যে বৃদ্ধ ৰোগী সকলৰ পৰিৱৰ্তে এতিয়া কম বয়সীয়া ৰোগীৰহে চিকিৎসাৰ ব্যৱস্থা হস্পিতাল সমূহত কৰা হৈছে ।হস্পিতালত কক্ষৰ অভাৱ হ’লে কম বয়সীয়া ৰোগী সকলকহে প্ৰাধান্য দিব লাগিব বুলি স্পেনিছ চৰকাৰৰ তৰফৰ পৰা নতুন গাইড লাইন দিয়া হৈছে ।এক প্ৰকাৰৰ বাধ্য হৈয়ে অতি কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে দেশ খনৰ চিকিৎসক সকল ।ইতিমধ্যে ক’ৰনাত বিশ্বৰ ভিতৰতে অধিক লোকৰ মৃত্যু হৈছে ইটালীত ।ইটালীৰ পাছতে ক’ৰনাত আক্ৰান্ত দ্বিতীয় দেশ খন হৈছে ইউৰোপৰ স্পেইন ।স্পেইনত এতিয়া ক’ৰনাত আক্ৰান্ত হৈ সংকট জনক অৱস্থাত থকা ৰোগীও হস্পিতালৰ মজিয়াতে পৰি ৰ’বলগীয়া হৈছে ।বৃহৎ সংখ্যক ৰোগীক একে সময়তে চিকিৎসা প্ৰদান কৰা টো ও এতিয়া স্পেইনৰ বাবে কঠিন হৈ পৰিছে ।
স্পেইনত বিপৰ্যয়
-
By admin

- Categories: News, world
- Tags: Corona Virus
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026