কৰ’না প্ৰতিৰোধৰ বাবে আছুতীয়া হাস্পতাল ৰূপত প্ৰস্তুত অসম চিকিৎসা মহাবিদ্যালয়ক

Himanta Biswa Sarma briefing media at his office dispur

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত  কৰ’না  ভাইৰাছত আক্ৰান্ত ৰোগীক চিকিৎসা কৰা হ’ব। ইয়াৰ বাবে চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে চিকিৎসাধীন হৈ থকা ৰোগীসকলক ডিব্ৰুগড়ৰ একাংশ ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ’ব ৷ চহৰৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ স্বত্তাধিকাৰীৰ স’তে এক চুক্তি সম্পন্ন কৰাৰ পাছত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে ৷ লগতে স্বাস্থ্যমন্ত্ৰীজনে ঘোষণা কৰে যে ডিব্ৰুগড়ত ক’ভিড ১৯ ৰোগীৰ চিকিৎসাৰ বাবে এখন হাস্পতাল নিৰ্মাণ কৰা হ’ব ৷

উল্লেখযোগ্য যে অতিমাৰীৰ ৰূপ লোৱা কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে স্বাস্থ্যমন্ত্ৰী ড° শৰ্মা ডিব্ৰুগড়ত উপস্থিত হয় ৷ইয়াৰ পাছতে মন্ত্ৰীজনে ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলা স্বাস্থ্য বিভাগ আৰু ডিব্ৰুগড় ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ স্বত্বাধিকাৰীৰ স’তে মিলিত হৈ কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে ৷উক্ত বৈঠকতে স্বাস্থ্যমন্ত্ৰীজনে ডিব্ৰুগড়ৰ ২৭ খন ব্যক্তিগত চিকিৎসালয়ৰ স্বত্তাধিকাৰীৰ স’তে কৰ’না প্ৰতিৰোধৰ মৰ্মে এক চুক্তি সম্পন্ন কৰে।

এই চুক্তি অনুসৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমানে ভৰ্তি হৈ থকা ৰোগীসকলৰ একাংশক এতিয়াৰে পৰা চুক্তিবদ্ধ ব্যক্তিগত চিকিৎসালয়সমূহত চৰকাৰী খৰচত চিকিৎসা কৰা হ’ব। বৈঠকৰ পাছতে আয়োজিত এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰীজনে এই ঘোষণা কৰে। ড° শৰ্মাই লগতে কয় যে কাইলৈৰ পৰা অসম চিকিৎসা মহাবিদ্যালয় আগন্তুক দিনসমূহৰ বাবে ক’ভিড ১৯ ৰোগীৰ চিকিৎসালয়ৰূপে ব্যৱহৃত হ’ব। অৱশ্যে কাৰ্ডিঅ’লজী,প্ৰসূতি আৰু বাৰ্ণ ইউনিটৰ  ৰোগীৰ চিকিৎসা অসম চিকিৎসা মহাবিদ্যালয়তে হ’ব ৷

ইয়াৰ বাহিৰে বাকী সকলো বিভাগৰ ৰোগৰ চিকিৎসা অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ চিকিৎসা কৰাই থকা এইবোৰ বিভাগৰ ৰোগীক চুক্তিবদ্ধ ব্যক্তিগত চিকিৎসাসমূহলৈ স্থানান্তৰ কৰা হ’ব ৷ ড° শৰ্মাই লগতে কয় যে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা ৰোগীসকলক কাইলৈৰ পৰা ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ চৰকাৰী চিকিৎসালয় যিদৰে ৰোগীসকলে অটল অমৃত বা আয়ুস্মান ভাৰত কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চিকিৎসা গ্ৰহণ কৰে ।ঠিক সেই দৰে ব্যক্তিগত চিকিৎসালয়সমূহতো ৰোগীয়ে এই সুবিধা লাভ কৰিব। যিসকল লোকৰ অটল অমৃত কাৰ্ড নাই তেওঁলোকে কাইলৈৰ পৰা ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰা অটল অমৃত কাৰ্ড সংগ্ৰহ কৰিব পাৰিব বুলি মন্তব্য কৰে মন্ত্ৰী ড° শৰ্মাই ৷

সংবাদমেলত মন্ত্ৰী ড° শৰ্মাই কয় যে ডিব্ৰুগড়তো ক’ভিড ১৯ ৰ চিকিৎসাৰ বাবে তিনিশ বিছনাযুক্ত চিকিৎসালয় নিৰ্মাণ কৰা হ’ব ৷মাত্ৰ পাঁচ বছৰৰ বাবেহে এই চিকিৎসালয় থাকিব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় যে সমগ্ৰ ৰাজ্যত মুঠ পাঁচটা স্থানত এনে চিকিৎসালয় নিৰ্মাণ কৰা হ’ব। সেইদৰে ডিব্ৰুগড়ত নিৰ্মাণ হ’ব লগীয়া ক’ভিড ১৯ ৰ চিকিৎসালয়ৰ স্থান কাইলৈৰ ভিতৰত নিৰ্ধাৰণ কৰা হ’ব বুলিও তেওঁ জনায় ৷

Exit mobile version