সাত এপ্ৰিল পৰ্যন্ত অতি স্পৰ্শকাতৰ অসম

28 03 20 Guwahati vegetables selling 7

People queue at the vendor selling vegetables under district administration during the government-imposed nationwide 21 days lockdown as a preventive measure against the COVID-19 corona virus at bhutnath area in Guwahati on 28-03-2020.pix by ub photos

গুৱাহাটী,২৯ মাৰ্চঃ এই পৰ্যন্ত অসমত কৰ’না ভাইৰাছত এজনো লোক আক্ৰান্ত হোৱা নাই ।ভাৰতৰ প্ৰেক্ষাপটত এয়া এক বৃহৎ সকাহ হলেও যিকোনো মূহূৰ্তত অসমতো ক’ভিড ১৯ ত আক্ৰান্ত হোৱা লোকৰ তথ্য পোহৰলৈ আহিব বুলি স্বাস্থ্য বিভাগ সন্ত্ৰস্ত হৈ আছে ৷বিভাগৰ নিয়মীয়া পৰ্যালোচনাত পোহৰলৈ আহিছে যে অহা সাত এপ্ৰিল পৰ্যন্ত অসমৰ পৰিস্থিতি অধিক স্পৰ্শকাতৰ ৷যদিহে কালিৰ পৰা আৰম্ভ হোৱা স্পৰ্শকাতৰ এই সময়ছোৱাৰ ভিতৰত সৌভাগ্যক্ৰমে ৰাজ্যত এজনো কৰ’না ভাইৰাছৰ গ্ৰাসত পৰা লোক নোলায় তেন্তে অসমে বিপদ ঘন্টাৰ এটা গুৰুত্বপূৰ্ণ স্তৰ অতিক্ৰম কৰিব ৷

স্বাস্থ্য বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত এই বিষয়টোক লৈ চৰ্চা কৰা হয় ।উল্লেখ্য যে বিগত দিনকেইটাত অসমৰ সীমাৰ বাহিৰলৈ নোযোৱা লোকৰ ক্ষেত্ৰত মাৰাত্মক ভাইৰাছবিধৰ সংক্ৰমণৰ আশংকা যথেষ্ট কম। তাৰ বিপৰীতে শংকা কঢ়িয়াইছে যোৱা কমেও ১০ দিনৰ ভিতৰত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা উভতি অহা ৰাজ্যৰ হেজাৰ হেজাৰ লোকে। অৱশ্যে সেই সকল লোকক স্বাস্থ্য বিভাগে ঢুকি পোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

ইতিমধ্যে তেনে বৃহৎ সংখ্যক লোকক স্বাস্থ্য বিভাগৰ পৰামৰ্শৱলী মানিছে যদিও তাৰে কিছু সংখ্যকে অৱজ্ঞাও কৰিছে ৷অৱশ্যে তেনে লোকে আছুতীয়াকৈ থাকিব লগীয়া ১৪ দিনৰ সাত দিন পাৰ কৰিছে ৷তেওঁলোকৰ শৰীৰত কৰ’নাৰ লক্ষণ ফুটি উঠা নাই ৷আনহাতে ২২ মাৰ্চৰ পৰা বহিঃৰাজ্যৰ পৰা অসমলৈ অহা সকলো লোকৰে গাত আছুতীয়াকৈ থাকিবলৈ দিয়া মোহৰ মৰা হৈছে ৷ সেই প্ৰত্যেকজন লোকক স্বাস্থ্য বিভাগৰ নিৰীক্ষণত ৰক্ষা হৈছে ৷এই লোকসকলৰ আছুতীয়াকৰণৰ সময় সীমা ৫এপ্ৰিলত উকলি যাব। বহিঃৰাজ্যৰ পৰা ২৪ মাৰ্চত অহা লোকসকলৰ আছুতীয়াকৰণৰ সময় উকলি যাব সাত এপ্ৰিলত ৷

গতিকে এইসকল লোকৰ শৰীৰত যদি ভাইৰাছ বিধত আক্ৰান্ত লক্ষণ ফুটি নুঠে তেনেহলে বিপদঘন্টাৰ এটা উল্লেখযোগ্য স্তৰ অতিক্ৰম কৰিবলৈ সক্ষম হ’ব। সেয়া হ’ব ৰাজ্যখনৰ বাবে এক বৃহৎ সকাহ ৷ কিছু সংখ্যক লোকে আকৌ চৰকাৰৰ সুৰক্ষা বিষয়টোক উপলুঙা কৰিছে ৷বহিঃৰাজ্যৰ পৰা লোকসকলৰ ঘৰলৈ যদি স্বাস্থ্য বিভাগৰ কোনো লোক উপস্থিত হ’লে পলায়নৰো অভিযোগ উঠিছে। আনকি এনে লোকসমূহ জনসমাগম স্থানলৈও গৈছে। উল্লেখ্য যে চৰকাৰৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি অবিবেচক একাংশ লোকে ৰাজ্যৰ বিভিন্ন স্থানত জনসমাগমৰ সৃষ্টি কৰি আহিছে ৷আনকি আৰক্ষীয়েও এই পৰিবেশ নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষী ৰাজ্যৰ কেইবাটাও স্থানত ওলোটাই প্ৰহৃতহে হৈছে ৷

Exit mobile version