ৰাজ্যৰ সম্ভাৱ্য পৰিস্থিতিৰ বাবে ডেজিগনেটেড হাস্পতাললৈ ৰোগী স্থানান্তৰ

GMCH
খালী কৰা হৈছে জি এম চিকে ধৰি বিভিন্ন হাস্পতাল
ৰাজ্যৰ সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খালী কৰা হৈছে জি এম চিকে ধৰি বিভিন্ন প্ৰান্তত থকা চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহ। লগতে চিকিৎসা বিজ্ঞান আৰু নাৰ্চিং পাঠ্যক্ৰমৰ চূড়ান্ত বর্ষৰ ছাত্ৰ ছাত্ৰী সকলক জিলাই জিলাই প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে। সমগ্র বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ আশংকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে। ইয়াৰ ভিত্তিতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালকে ধৰি অন্যান্য চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত চিকিৎসাধীন হৈ থকা ৰোগীসমূহক ব্যক্তিগত খণ্ডৰ ডেজিগনেটেড হাস্পতাললৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই প্ৰক্ৰিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত কালিৰে পৰা আৰম্ভ হোৱা বুলি অৱগত কৰি অধীক্ষক ডাঃ ৰমেন তালুকদাৰে কয় যে, ‘প্ৰসূতি বিভাগ, কৰ্কট ৰোগ আৰু জৰুৰীকালীন সেৱা বিভাগক বাদ দি ইতিমধ্যে জি এম চি আৰু এ এম চি হাস্পতালত উপলব্ধ অন্যান্য সেৱাৰ বিভাগসমূহ বন্ধ কৰি দিয়া হৈছে। লগতে সংশ্লিষ্ট সেৱাৰ আন্তঃ বিভাগত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ  যিসকলক ঘৰলৈ যাবলৈ অনুমতি দিব পৰা হৈছে সেইসকলক ঘৰলৈ যোৱাৰ বাবে অনুমতি দিয়া হৈছে আৰু যিসকলৰ এতিয়াও চিকিৎসাৰ প্ৰয়োজন আছে সেইসকলৰ ৰোগীৰ আত্মীয়ৰ পৰামৰ্শৰ ভিত্তিত চৰকাৰে নিৰ্ধাৰণ কৰা ব্যক্তিগত খণ্ডৰ ডেজিগনেটেড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।’
ADVERTISEMENT
Exit mobile version