গছত টঙী সাজি আছে কোৱাৰেণ্টাইনত

coronavirus tress

কৰ’না ভাইৰাছে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। দেশজুৰি তলাবন্ধৰ পিছতো সচেতনতা আৰু সামাজিক দায়িত্ববোধ নথকাৰ বাবেই বিভিন্ন স্থানত মানুহে নিয়ম ভংগ অব্যাহত ৰাখিছে। তেনে সময়তে সচেতনতা আৰু সামাজিক দায়বদ্ধতাৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিলে পশ্চিমবংগৰ অতি দৰিদ্ৰ পৰিয়ালৰ সাত যুৱকে। নিজগৃহত আছুতীয়া কোঠা নথকাৰ বাবেই কোৱাৰেণ্টাইনত থকাৰ বাবে এই সাত যুৱকে গছত আশ্ৰয় লোৱা ঘটনাই সম্প্ৰতি বিশেষ চর্চা লাভ কৰিছে।

উল্লেখ্য যে পশ্চিমবংগৰ পুৰুলিয়াৰ এই সাত যুৱকে পেটৰ দায়ত পৰি বহিঃ ৰাজ্যত কৰ্মৰত হৈ আছিল। কৰ’নাৰ প্ৰকোপত তেওঁলোক নিজগৃহলৈ উভতি আহিলেও জংঘলমহল অঞ্চলৰ এই অতি দৰিদ্ৰ পৰিয়ালৰ সাত যুৱকৰ মাটিৰে তৈয়াৰী গৃহত নাছিল কোনো আছুতীয়া কোঠা। গতিকে কোৱাৰেণ্টাইনত থাকিব কেনেকৈ? অৱশ্যে কথাতে আছে যে,মন কৰিলেই চন, বাকৰি মাটিতে ধন। সেয়ে এই সাত যুৱকৰ বাবেও নিজগৃহৰ সমীপতে গছৰ ডালত টঙী সাজি কোৱাৰেণ্টাইন কেন্দ্ৰ তৈয়াৰ কৰা হয়। তেতিয়াৰে পৰা হোম কোৱাৰেণ্টাইনৰ পৰিৱৰ্তে স্বাস্থ্যবিধি মানি এই সাত যুৱক আছে ‘ট্ৰী কোৱাৰেণ্টাইন’ত।

প্ৰাপ্ত তথ্য অনুসৰি, জংঘলমহলৰ ভাঙিডি গাওঁৰ এই সাত যুৱকে কেইমাহমানৰ পূৰ্বে তামিলনাডুলৈ গৈ শ্ৰমিকৰূপে নিয়োজিত হৈ আছিল। কিন্তু কৰ’নাৰ সংক্ৰমণ বাঢ়িবলৈ ধৰাত তেওঁলোকে কাম এৰি ৰেলযোগে নিজগৃহলৈ উভতি আহে। ঘৰলৈ অহাৰ পূৰ্বে তেওঁলোকে বলৰামপুৰ ব্লক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্যপৰীক্ষা কৰাইছিল যদিও কোনো সমস্যাত ধৰা পৰা নাছিল। তৎসত্বেও সতৰ্কতামূলক ব্যৱস্থাৰূপে এই সাতজন যুৱকে কোৱাৰেণ্টাইনত থকাৰ সিদ্ধান্ত লয়। ইফালে, তেওঁলোকৰ গৃহত আছুতীয়া কোঠা নথকাত সমস্যাৰ সৃষ্টি হয়।

এনে অৱস্থাত বহু ভাবি-গুণি গাওঁবাসীয়ে এই সাতজন যুৱকৰ বাবে অভিনৱ ব্যৱস্থা গ্ৰহণ কৰে। এজোপা বিশাল গছৰ বিভিন্ন ডালত খাটিয়াৰে তৈয়াৰ কৰা হয়। বিগত এসপ্তাহ ধৰি আঁঠুৱা তৰি দিনে নিশাই তাতে উঠি আছে তেওঁলোকে। দিনৰ ভাগত গছৰ পৰা নামি আহি পৰিয়ালৰ লোকে প্ৰয়োজনীয় চাউল-দাইল গছৰ তলত দি অহাৰ দি অহাৰ পিছত নিজে ৰান্ধি বাঢ়ি খাই পুনৰ গছৰ ওপৰলৈ উঠি যায়।

এনে সংকটকালীন পৰিস্থিতিক চহৰৰ বহু শিক্ষিত লোকে তলাবন্ধ ভংগ কৰাৰ সময়ত জংঘলমহলৰ প্ৰত্যন্ত অঞ্চলৰ সাত যুৱকৰ এই উদাহৰণক সকলোৱে প্ৰশংসা কৰিছে। অন্যহাতে, সাত যুৱকৰ নোজৰবিহীন উদ্যোগৰ সন্দৰ্ভত জিলা উপায়ুক্ত ৰাহুল মজুমদাৰে কয় যে, ‘এই সাত যুৱকক গাওঁৰ অংগনৱাড়ী কেন্দ্ৰত কোৱাৰেণ্টাইনত ৰখা হ’ব। তাত বিদ্যুৎ সংযোগৰ ব্যৱস্থা নাই, সেয়ে বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰা হৈছে।’

Exit mobile version