বিশ্বত্ৰাহ কৰ’নাৰ পৰা নাই নিস্তাৰঃ সমগ্ৰ বিশ্বত ৩১ সহস্ৰাধিকৰ প্ৰাণহানি

China virus

বিশ্বজুৰি পৰিস্থিতি শোচনীয় হ’বলৈ ধৰিছে ৷মাৰাত্মক কৰ’না ভাইৰাছৰ আক্ৰমণৰ ফলত বিশ্বৰ আগশাৰীৰ দেশসমূহেই বিধ্বস্ত হৈছে। সংক্ৰমণৰ সমানে বিশ্বজুৰি বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও ।বিশ্বত মৃতকৰ সংখ্যাই ইতিমধ্যে ৩১ হেজাৰ অতিক্ৰম কৰিলে। কেৱল ইটালীতে ১০ হেজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ৷ ছহেজাৰৰ মৃত্যু হৈছে স্পেইনত। সমগ্ৰ বিশ্বতে এতিয়া কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰায় সাত লাখ ৷

অৱশ্যে আশাৰ বতৰা এয়ে যে সুস্থ হৈ উঠিছে প্ৰায় ডেৰ লাখ মানুহ ।পৃথিৱীৰ ১৭৫ খন দেশত তাণ্ডৱ অব্যাহত ৰাখিছে কৰ’না ভাইৰাছে ।এই মুহুতত পৰিস্থিতি সবাতোকৈ উদ্বেগজনক আমেৰিকাত। এইখন দেশত আক্ৰান্তৰ সংখ্যা এক লাখ ২৪ হাজাৰ আৰু দুহেজাৰৰো অধিক লোকৰ মৃত্যু হৈছে ।ইয়াৰ ভিতৰত নিউয়ৰ্কতে ৬৫০ ৰ অধিক লোকৰ মৃত্যু হৈছে।

অতি উদ্বেগৰ বিষয় যে চীনৰ হুবেই প্ৰদেশত পুনৰ নতুনকৈ সংক্ৰমণে দেখা দিছে ৷ইয়াত নতুনকৈ পাঁচজনৰ মৃত্যু হোৱাৰ উপৰি চীনত আক্ৰান্তৰ সংখ্যাও কিছু বৃদ্ধি পাইছে ৷ হুবেই প্ৰদেশৰ য়ুহানত প্ৰথম কৰ’না চিনাক্ত হৈছিল ৷ইপিনে ইৰান আৰু ফান্সতো মৃত্যুৰ সংখ্যা বহুগুণে বাঢ়িছে ৷জাৰ্মানীতো কৰ’নাই আক্ৰমণ আৰম্ভ কৰিছে। দেশখনত ৫৭ হেজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ।অৱশ্যে এই পৰ্যন্ত লেটিন আমেৰিকা আৰু আফ্ৰিকাৰ দেশসমূহত বিশিষ প্ৰভাৱ পৰিলক্ষিত হোৱা নাই ।ইপিনে কৰ’না আক্ৰমণৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন দুমাহ পিছুৱাই দিয়াৰ যো জা চলিছে ৷

Exit mobile version