অসমত প্ৰথমজন কৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তিক চিনাক্ত

PTI18 03 2020 000121B 1584580207782 1584580228795
অসমত প্ৰথমজন কৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰা হৈছে ।৫২ বছৰীয়া ব্যক্তিজনৰ ঘৰ কৰিমগঞ্জৰ। শিলচৰ মেডিকেল কলেজত প্ৰথম ব্যক্তিজনৰ কৰ’না ভাইৰাছৰ পৰীক্ষা কৰা হয় ৷ইয়াৰ পিছত পুনেৰ NIV পৰীক্ষা কৰি ব্যক্তিজন কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হয় ৷ইয়াৰ পিছত স্বাস্থ্য বিভাগে ব্যক্তিজন কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য সদৰি কৰে ৷
আনহাতে কিছুদিন পূৰ্বে ব্যক্তিজন জাৰ্মানীৰ পৰা আহিছিল ।ইফালে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছে ইতিমধ্যে অন্যান্য দেশৰ লগতে ভাৰততো প্ৰতিদিনে সংহাৰী ৰূপ লৈছে ৷ কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি ৰাজ্য চৰকাৰে যুদ্ধংদেহি প্ৰস্তুতি কৰিছে ৷ ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়ক স্বাস্থ্যবিভাগে কৰ’না ভাইৰাছৰ লগত মোকাবিলা কৰিব পৰাকৈ যাৱতীয় প্ৰস্তুতি কৰিছে ।
লগতে চিকিৎসক,নাৰ্চসকলৰ লগতে স্বাস্থ্য বিভাগৰ লগত জৰিত প্ৰত্যেকজন কৰ্মীকে উপযুক্ত প্ৰশিক্ষণ দিয়া হৈছে । উল্লেখ্য যে এই পৰ্যন্ত ভাৰতত  প্ৰায় ১২৫১ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷
Exit mobile version