প্ৰায় দুশ বছৰ ধৰি ভাৰতবৰ্ষত শাসন কৰিছিল ইংৰাজসকলে ৷ এইবাৰ সেই ইংৰাজকে শাসন কৰিলে দুই ভাৰতীয় বংশোদ্ভুতই ।ইন্টাৰনেট ব্যৱহাৰকাৰীসকলে বিট্টেইনৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিলে ৷বিট্টেইনৰ শাসন ব্যৱস্থা মূলত দুটা স্তৰত বিভক্ত ৷প্ৰথম স্তৰ নিয়ন্ত্ৰণ কৰে জনগণৰ দ্বাৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাই ।
আনহাতে দ্বিতীয় স্তৰত আছে ৱাকিংহাম পেলেচ অৰ্থাৎ ব্ৰিটিছ ৰাজপৰিয়ালৰ সদস্যসকলক। অৱশ্যে ৰাজপৰিয়ালৰ এই পদ সন্মানীয় ৷কিছু বিষয়ৰ বাহিৰে সকলোবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিৰ্বাচিত চৰকাৰে গ্ৰহণ কৰে। কিন্তু সম্প্ৰতি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী কৰ’নাত আক্ৰান্ত হৈ কোৱেৰেন্টাইনত থকাৰ লগতে ব্ৰিটিছ মহাৰাণী আৰু যুৱৰাজো কৰ’নাত আক্ৰান্ত হৈছিল ৷
এনে পৰিস্থিতিত ব্ৰিটিইনৰ শাসনভাৰ কাৰ্যত পৰিচালনৰ কৰিব লগা হৈছে দুই ভাৰতীয় বংশোদ্ভুতে ৷ইয়াৰে এজন হ’ল ব্ৰিটেইনৰ বিত্তমন্ত্ৰী ঋষি ছোনক আৰু আনজন হৈছে স্বৰাষ্ট সচিব প্ৰীতি পেটেল ৷ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু মহাৰাণী যুৱৰাজৰ অবৰ্তমানত এই দুই ভাৰতীয় বংশোদ্ভুতে সম্প্ৰতি দেশখনৰ শাসন পৰিচালনাৰ সকলো দায়িত্ব বহন কৰিব লগা হৈছে ৷
দুই ভাৰতীয়মূলৰ লোকে এইদৰে ব্ৰিটেইনৰ শাসন ব্যৱস্থাৰ শীৰ্ষত কাৰ্যৰত হোৱা প্ৰত্যক্ষ কৰি ভাৰতীয়সকলে ছ’চিয়েল মিডিয়াত যথেষ্ট আনন্দ উল্লাস প্ৰকাশ কৰিছে ।একাংশ ভাৰতীয় ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে কয় যে প্ৰকৃততে কৰ’নাই ব্ৰিটেইনক পূৰ্বৰ পাপ মোচনৰ সুযোগ দিলে ৷যি ভাৰতীয়ক এসময়ত ব্ৰিটিছসকলে শোষণ কৰিছিল ,আজি সেই ভাৰতীয়ৰ কথাতে ব্ৰিটেইন চলিব লগা হৈছে বুলি কোনোৱে টুইটাৰত কটাক্ষ কৰিছে।