কৰ’না ভাইৰাছক লৈ চলিছে অপপ্ৰচাৰ

4304304320203004422

 

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২১ দিনীয়া তলাবন্ধৰ সময়সীমা পুনৰ বৃদ্ধি হ’ব বুলি ইতিমধ্যে দেশজুৰি ভুৱা খবৰ বিয়পিছে ৷ইয়াকে লৈ আতংকিত হৈছে সাধাৰণ ৰাইজ ৷২১ দিনৰ তলাবন্ধৰ কালছোৱাত ভাতমুঠি যোগাৰ কৰিবলৈ হাহাকাৰ অৱস্থাৰ সন্মুখীন হোৱা কোটি কোটি ভাৰতীয়ক এই বতৰাই মানসিক ভাৱে দুৰ্বল কৰি পেলাইছে ৷ মুখে মুখে চৰ্চা লাভ কৰা এই বাতৰি ভুৱা বুলি আজি নিশ্চিত কৰে কেন্দ্ৰীয় চৰকাৰে ৷লগতে চলিত তলাবন্ধৰ সময়সীমা বৃদ্ধিৰ কোনো পৰিকল্পনা নাই বুলিও কেন্দ্ৰীয় চৰকাৰে আজি স্পষ্ট কৰি দিয়ে।

আজি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট সচিব ৰাজীৱ গোবাই কয় চাৰিওফালে অপপ্ৰচাৰ হৈছে আৰু একাংশ সংবাদ মাধমে ২১ দিনীয়া তলাবন্ধৰ সময়সীমা বৃদ্ধি কৰা হ’ব বুলি দাবী কৰিছে ৷মই এনে বাতৰি দেখি আচৰিত হৈছে। তলাবন্ধৰ ম্যাদ বৃদ্ধিৰ এনে কোনো পৰিকল্পনা নাই। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে চৰকাৰে তলাবন্ধৰ সময়সীমা বৃদ্ধিৰ বিষয়চিন্তা চৰ্চা কৰি আছে ৷লাখ লাখ প্ৰব্ৰজিত শ্ৰমিক ঘৰলৈ উভতিবলৈ ব্যাকুল হোৱা ঘটনাই সৃষ্টি কৰা প্ৰত্যাহ্বানক লৈ কেন্দ্ৰীয় চৰকাৰ উদ্বিগ্ন হৈছে ৷অৱশ্যে এনে বাতৰি ভুৱা বুলি স্পষ্ট কৰি দিয়ে কেন্দ্ৰই ।

উচ্চস্তৰীয় চৰকাৰ সূত্ৰত প্ৰকাশ যে অহা সপ্তাহত চৰকাৰে পৰিস্থিতি সন্দৰ্ভত কিছু স্পষ্ট আভাস পাব আৰু আছুতীয়াকৈ ৰাখিবলগীয়া অঞ্চল প্ৰয়োজন হ’লে চিনাক্ত কৰিব পাৰিব ৷ উল্লেখযোগ্য যে দেশত ক’ভিড ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য যোৱা ২৪ মাৰ্চৰ মাজনিশাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ এপ্ৰিল নিশা ১২ বজা পৰ্যন্ত তলাবন্ধ ঘোষণা কৰে ৷তলাবন্ধৰ বাধা নিষেধ সত্ত্বেও দেশত কৰ’না আক্ৰান্তৰ সংখ্যা হেজাৰৰো অধিক হৈছে ৷মৃত্যুৰ সংখ্যাও দিনে দিনে বাঢ়িছে ৷এনে পৰিস্থিতিত তলাবন্ধৰ সময়সীমা বৃদ্ধি হ’ব পাৰে বুলিও আৰম্ভ হৈছে  জল্পনা কল্পনা।

কেন্দ্ৰীয় কেবিনেট সচিব গোবাই সকলো জল্পনা কল্পনা অৱসান ঘটাই স্পষ্ট কৰি দিয়ে যে তলাবন্ধৰ সময়সীমা বৃদ্ধিৰ কোনো পৰিকল্পনা নাই ।এনে বাতৰি ভিত্তিহীন বুলি তেওঁ দোহাৰে ৷ ভাৰতত এতিয়াও মাৰাত্মক কৰ’না ভাইৰাছ সংক্ৰমণে সমূহীয়া ৰূপ ধাৰণ কৰা নাই। স্থানীয়ভাৱে সংক্ৰমণ হৈছে ৷আজি কেন্দ্ৰীয় চৰকাৰে এই কথা ঘোষণা কৰে ।

দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে অলপতে এক প্ৰতিবেদনত কৈছিল যে বৰ্তমান ভাৰত  স্থানীয় সংক্ৰমণ আৰু সীমাবদ্ধ সমূহীয়া সংক্ৰমণ পৰ্যায়ত আছে ৷এই প্ৰতিবেদনক লৈ উত্থাপিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় যুটীয়া সচিব লৱ আগৰৱালাই কয় “আমি ক’তো সমূহীয়া সংক্ৰমণ হৈছে বুলি কোৱা নাই ।আমি এতিয়াও স্থায়ী সংক্ৰমণ পৰ্যায়তে আছো ৷আমি সমূহীয়া শব্দটো ব্যৱহাৰ কৰাৰ বাবে জল্পনা কল্পনা কৰা হৈছে ৷দয়া কৰি আমাক সমূহীয়া সংক্ৰমণ শব্দটো ব্যৱহাৰৰ বাবে অনুমতি দিয়ক৷ কিন্তু আপোনালোকে যি প্ৰসংগ ব্যাখ্যা কৰিছে ই তেনে নহয় ৷

ইপিনে তলাবন্ধৰ ষষ্ঠ দিনা কৰ’না ভাইৰাছৰ প্ৰসাৰ বৃদ্ধি পাইছে যদিও প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে ৷ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে এইদৰে কয় ।আই চি এম আৰৰ তথ্য অনুসৰি ২২ মাৰ্চত ২৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫ খন জিলা সংক্ৰমিত হৈছিল ৷২৮ মাৰ্চত ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬০ খন জিলালৈ বিয়পি পৰে। লৱ আগৰৱালাই কয় এশৰ পৰা এহেজাৰলৈ আক্ৰান্ত হ’বলৈ ভাৰতত ১২ দিনৰ প্ৰয়োজন হৈছে ।আন দেশত তিনি হেজাৰৰ পৰা পাঁচ হেজাৰলৈ আক্ৰান্ত হৈছে ৷সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে এই ইতিবাচক ফলাফল আমি লাভ কৰিছো ৷

Exit mobile version