তলাবন্ধত শাক পাছলিৰ খেতিত মাধমাৰ

12

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ২৪ মাৰ্চৰ মাজ নিশাৰ পৰা আৰম্ভ হোৱা ২১ দিনীয়া দেশজোৰা তলাবন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে ৰাজ্যৰ কৃষিখণ্ডত। শাক পাছলিৰ পৰা ধান উৎপাদনলৈ পৰা এই প্ৰভাৱৰ বাবে ৰাজ্যৰ লাখ লাখ দুখীয়া কৃষকে হামৰাও কাঢ়িব লগা হৈছে ৷এক অন্ধকাৰময় পৰিৱেশ ছানি ধৰিছে৷ বন্ধৰ সময়ছোৱাত চৰকাৰে কৃষকৰ পৰা বিশেষকৈ পাচলি ক্ৰয় কৰি ৰাইজক সুলভ মূলত অথবা বিনামূলীয়াকৈ যোগানৰ পদক্ষেপ লৈছে যদিও সেয়া উৎপাদকসকলে সকাহ পাব পৰাকৈ পৰ্যাপ্ত নহয় ৷ অসম কৃষি ভিত্তিক ৰাজ্য ৷

ৰাজ্যৰ বৃহৎ সংখ্যক কৃষকে নিয়মীয়াকৈ বতৰৰ পাচলিৰ খেতি কৰি আহিছে আৰু তেওঁলোকৰ উৎপাদিত ফচল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাহিৰলৈ ৰপ্তানি হয়। কিন্তু তলাবন্ধৰ সময়ত সেই সকলোতে স্থবিৰতা বিৰাজ কৰিছে। যিহেতু অসমত খাদ্য শস্য সংৰক্ষণৰ বাবে হিমঘৰৰ চূড়ান্ত অভাৱ ৷আৰু বতৰৰ পাচলিবোৰ পুৰঠ হোৱাৰ পিছত খেতি পথাৰত ৰাখি থোৱাৰ প্ৰশ্নই নাহে ৷সেয়েহে সৰু বৰ অধিকাংশ কৃষকে এতিয়া মূৰে কপাল হাত দিবলগীয়া হৈছে ।বন্ধ দীঘলীয়া হোৱাটোৱে সমস্যাৰ জটিলতা অধিক বৃদ্ধি কৰিছে ৷

এই সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাই কয় যে পূব অসমত যিহেতু পাছলিৰ খেতি মধ্য আৰু পশ্চিম অসমৰ কিছুমান স্থানৰ দৰে বৃহৎ পৰিসৰত কৰা নহয় সেয়েহে তাত এই ধৰণৰ সমস্যা গুৰুতৰ হোৱা নাই। তাৰ বিপৰীতে বৰপেটা,নগাঁও,মৰিগাঁও,দৰং,মঙ্গলদৈ,ধুবুৰী আদিত পাছলিৰ খেতি বৃহৎ পৰিসৰত কৰা হয় বাবে একাংশ কৃষক অসুবিধাত পৰিছে ।কিন্তু চৰকাৰে যিহেতু বন্ধৰ সময়ত নিজে পাচলি যোগানৰ দায়িত্ব লৈছে সেয়েহে উপায়ুক্তসকলক নিজৰ নিজৰ জিলাৰ উৎপাদন কেন্দ্ৰবোৰ চিনাক্ত কৰিবলৈ কোৱা হৈছে।

প্ৰসংগক্ৰমে উল্লেখ্য যে বজাৰত ইতিমধ্যে প্ৰবেশ ঘটিছিল গ্ৰীষ্মৰ পাছলিৰ। তাৰ বাবে খেতিয়কসকলে আগতীয়াকৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল সেয়াও বন্ধ হৈ পৰিছে ৷এই অৱস্থাত উদং হৈ পৰিছে প্ৰতিদিনে বহা ৰাজ্যৰ পাইকাৰী বজাৰসমূহ ৷কৃষিপ্ৰধান জিলা নগাঁৱৰ কৃষকসকলৰ সাম্প্ৰতিক সময়ত সপোনবোৰ থানবান হৈ পৰিছে ৷কাৰণ বেংক,ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান,গোট আদিৰ পৰা টকা ধাৰলৈ লৈ উৎপাদন কৰা শাক পাচলি সম্প্ৰতি কৃষকে বজাৰত বিক্ৰী কৰিব পৰা নাই ৷একেই পৰিস্থিতি তেজপুৰতো ৷

জিলাখনত অন্যান্য বস্তসমূহৰ সমান্তৰালকৈ দুগ্ধ উৎপাদকসকলৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷কাৰণ তলাবন্ধৰ সময়ত একোজন গাখীৰ বিক্ৰেতাৰ দৈনিক ১৮-২০ লিটাৰকৈ গাখীৰ নষ্ট হৈছে ৷ইফালে দলগাঁৱত পাচলি বিক্ৰী কৰিব নোৱাৰি কৃষকে গৰুক খুৱাইছে ৷যাৰ কাৰণে দলগাঁৱৰ এজন কৃষক আহ্বান যে টকা নহয় মোৰ পাচলিসমূহ চৰকাৰে নিয়াৰ ব্যৱস্থা কৰক ৷গতিকে তলাবন্ধৰ সময়ত এই খেতিয়কসকলৰ কৃষিত হোৱা ব্যাপক লোকচানত কেনেধৰণে চৰকাৰে ভূমিকা লয় সেয়া হ’ব লক্ষ্যণীয় ৷

 

Exit mobile version