সমগ্র বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছক লৈ সৃষ্টি হোৱা পৰিস্থিতি আৰু চিকিৎসাৰ ব্যৱস্থা বুজ লোৱাৰ উদ্দেশ্যে আজি বৰপেটা মেডিকেল কলেজ হস্পিতালত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা মেডিকেল কলেজ হস্পিতালত স্থাপন কৰা আইছলেছন ৱাৰ্ড পৰিদৰ্শন কৰাৰ লগতে মেডিকেল কলেজ হস্পিতালৰ চিকিৎসসকলৰ সৈতে মত বিনিময় কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে লক ডাউনৰ ক্ষেত্ৰত চৰকাৰক আগবঢ়োৱা সহযোগিতাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জনাই কৰ’না সংক্ৰমনৰ পৰা হাত সাৰি থকাৰ বাবে সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়। ৰাজ্যৰ এই ভয়ানক পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। বিশেষকৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পীয়ুষ হাজৰিকাৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া, কৰ্মচাৰী, চিকিৎসক, চিকিৎসাকৰ্মী , এম্বুলেন্সৰ চালক সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
আনহাতে, লক ডাউন কাৰ্যকৰী কৰিবলৈ যাওঁতে একাংশ লোকে আৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণক সহ্য কৰা নহ’ব বুলি সকীয়নী প্ৰদান কৰি এইক্ষেত্ৰত অপশক্তি সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। বৰপেটাত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীক আজি সুন্দৰীদিয়া সত্ৰৰ তৰফৰ পৰা সত্ৰাধিকাৰ জগন্নাথ দেৱ অধিকাৰীয়ে অসম আৰোগ্য নিধিলৈ ৫১ হাজাৰ টকাৰ এখন চেক আৰু হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা পাঁচ লাখ টকাৰ চেক অৰ্পণ কৰে।