সমগ্ৰ দেশত তলাবন্ধ, সুৰাপান কৰিবলৈ নাপায় সুৰাপায়ীৰ আত্মহত্যা

suicide representation

তলাবন্ধৰ ফলত সুৰাৰ বিপনীসমূহ বন্ধ হৈ থকাত কেৰেলাত এটাৰ পাছত আন এটা সুৰাপায়ীৰ আত্মহননৰ ঘটনা সংঘটিত হৈছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেৰেলা চৰকাৰে ৰাজ্যখনত পুনৰ সুৰা বিক্ৰীৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিলে ৷অৱশ্যে কোনোবাই নিজৰ ইচ্ছাত সুৰা ক্ৰয় কৰিব নোৱাৰিব ৷ সুৰাপায়ীয়ে সুৰা ক্ৰয়ৰ বাবে পঞ্জীকৃত চিকিৎসকৰ নিদানপত্ৰ প্ৰদৰ্শন কৰিলেহে বিপণীত সুৰাৰ যোগান লাভ কৰিব ।

ADVERTISEMENT

এই নিৰ্দেশ জাৰি কৰিলে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে ৷যোৱা শনিবাৰে ত্ৰিশূৰত সুৰাৰ অভাৱত এজন ব্যক্তিয়ে আত্মহত্যা কৰিছিল। আন এজন ব্যক্তিয়ে এলকহলযুক্ত আফটাৰ ছেভিং লোচন পান কৰাৰ ফলত প্ৰাণ হেৰুৱায় ৷ এনে ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি তলাবন্ধৰ সময়ছোৱাত মুখ্যমন্ত্ৰী বিজয়নে চিকিৎসকৰ নিদানপত্ৰ থকা লোকক সুৰা বিক্ৰী কৰাৰ বাবে বিপণীসমূহক অনুমতি দিয়াৰ সিদ্ধান্ত লয় ।

Exit mobile version