কৰ’না ভাইৰাছৰ সন্দৰ্ভত কেইটিমান ভুৱা আৰু প্ৰকৃত তথ্য 

un health agency to gauge global threat as china confirms coronavirus transmission between humans

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ’না ভাইৰাছৰ সংক্ৰমণে আতংক সৃষ্টি কৰিছে ৷ এই ভাইৰাছে সম্প্ৰতি অসমতো সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ কিন্তু এই ভাইৰাচৰ সংক্ৰমণৰ লগে লগে একাংশ লোকে কিছুমান অসত্য,অৰ্ধসত্য তথা প্ৰমাণহীন তথ্যপাতি প্ৰচাৰ কৰি মানুহক বিভ্ৰান্ত কৰাটো প্ৰত্যক্ষ হৈছে ৷এনে কেতবোৰ কৰ’না কেন্দ্ৰিক গুজব বা ভ্ৰান্ত ধাৰণা আৰু ইয়াৰ প্ৰকৃত সত্যতা সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল ৷

ছ’চিয়েল মিডিয়াত কৰ’নাৰ সন্দৰ্ভত এটা বাতৰি যথেষ্ট প্ৰচাৰিত হৈছে যে অতিৰিক্ত শীতল পৰিৱেশত ন’ভেল কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পাৰি ৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মতে এই তথ্য মুঠেই সত্য নহয়। শীতল পৰিৱেশে যিকোনো ভাইৰাছ বা ভাইৰাছজনিত ৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম নহয় বুলিহে বিশ্ব স্বাস্থ্য সংস্থাই তথ্য প্ৰকাশ কৰিছে ৷

বিভিন্ন সামাজিক সংবাদ মাধ্যমত কৰ’নাৰ সন্দৰ্ভত প্ৰকাশ পোৱা আন এটা তথ্য হৈছে ভিটামিন চিৰ ছাপ্লিমেন্ট গ্ৰহণ কৰিলে এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰা সম্ভৱ ৷ কিন্তু মেডিচিন বিশেষজ্ঞ ডা° অৰিন্দম বিশ্বাসে প্ৰকাশ কৰা মতে ভিটামিন চি ছাপ্লিমেন্টে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব কম পাৰে ৷ ইয়াৰ কোনো প্ৰমাণ এতিয়ালৈকে পোৱা নাই। মেডিকেল স্কুল অৱ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ গৱেষকেও একে মত প্ৰকাশ কৰিছে ৷

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত আন এটি তথ্য হৈছে মহে কামোৰাৰ জৰিয়তে কৰ’না ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে। কিন্তু এই ক্ষেত্ৰত পিটছবাৰ্গ ইউনিভাৰ্চিটিৰ গৱেষকসকলে কয় যে এই তথ্য সম্পূৰ্ণ অসত্য । কাঁহ আৰু হাঁচিৰ ড্ৰপলেটৰ জৰিয়তেহে কৰ’না ভাইৰাছ সংক্ৰমিত হয় ।

শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা আন এটি বাতৰি হৈছে শিশুসকল কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা তেনেই সীমিত ৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি এই দাবী সম্পূৰ্ণৰূপে ভুল ৷ যিকোনো বয়সৰ লোক এই ভাইৰাচৰ সংস্পৰ্শলৈ আহিলে কৰ’নাত আক্ৰান্ত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। উল্লেখযোগ্য যে শেহতীয়া আমেৰিকাত এটি শিশুৱে কৰ’না ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় ৷ একেদৰে পশ্চিমবংগতো এটি নমহীয়া শিশু এই ভাইৰাছত আক্ৰান্ত হৈছে।

Exit mobile version