দেশত সম্প্ৰতি অব্যাহত থকা তলাবন্ধৰ ক্ষেত্ৰত অসমত কোনো শিথিলতা অৱলম্বন কৰা হোৱা নাই। এক বিবৃতিযোগে এইদৰে কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেঁও কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যি ২১ দিনীয়া ৰাষ্ট্ৰজোৰা তলাবন্ধ কাৰ্য্যসূচীৰ আহ্বান জনাইছিল, সেই আহ্বানৰ প্ৰতি অসমৰ জনসাধাৰণে আন্তৰিকতাৰে সহযোগিতা আগবাঢ়াইছে। অহা ১৪ এপ্ৰিললৈ অসমতো সৰ্বাত্মক ৰূপত তলাবন্ধ কাৰ্য্যসূচী অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে। বিবৃতিত সোণোৱালে লগতে কয় যে জৰুৰী সেৱা অব্যাহত ৰখাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যাতে জনসাধাৰণে লাভ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক দূৰত্ব বজাই ৰাখি এই তলাবন্ধৰ কাৰ্য্যসূচী সম্পূৰ্ণৰূপে সফল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক আহ্বান জনায়।
তলাবন্ধ শিথিল কৰা নাই ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী
-
By publisher

ADVERTISEMENT
- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONAVIRUSCovid-19Sarbananda SonowalSTAY HOME STAY SAFE
Related Content
Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী
By
publisher
May 13, 2025
Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
By
publisher
May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
By
publisher
May 13, 2025