দেশত সম্প্ৰতি অব্যাহত থকা তলাবন্ধৰ ক্ষেত্ৰত অসমত কোনো শিথিলতা অৱলম্বন কৰা হোৱা নাই। এক বিবৃতিযোগে এইদৰে কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেঁও কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যি ২১ দিনীয়া ৰাষ্ট্ৰজোৰা তলাবন্ধ কাৰ্য্যসূচীৰ আহ্বান জনাইছিল, সেই আহ্বানৰ প্ৰতি অসমৰ জনসাধাৰণে আন্তৰিকতাৰে সহযোগিতা আগবাঢ়াইছে। অহা ১৪ এপ্ৰিললৈ অসমতো সৰ্বাত্মক ৰূপত তলাবন্ধ কাৰ্য্যসূচী অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে। বিবৃতিত সোণোৱালে লগতে কয় যে জৰুৰী সেৱা অব্যাহত ৰখাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যাতে জনসাধাৰণে লাভ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক দূৰত্ব বজাই ৰাখি এই তলাবন্ধৰ কাৰ্য্যসূচী সম্পূৰ্ণৰূপে সফল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক আহ্বান জনায়।
তলাবন্ধ শিথিল কৰা নাই ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONAVIRUSCovid-19Sarbananda SonowalSTAY HOME STAY SAFE
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026