কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ২১ দিনীয়া দেশজোৰা তলাবন্ধৰ মাত্ৰ এসপ্তাহতে অসম চৰকাৰে কে’ইবাটাও ক্ষেত্ৰত শিথিলতা অনাৰ ঘোষণা কৰিছে ।ইয়াকে লৈ সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।মথাউৰি নিৰ্মাণ,নিত্য ব্যৱহাৰ্য্য সামগ্ৰী কঢ়িওৱা বহিঃৰাজ্যৰ বাহনক অসমত প্ৰবেশৰ অনুমতি দিয়া আদি বিষয়ত শিথিলতা অনাৰ সিদ্ধান্ত কালি অনুষ্ঠিত অসম চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠকত গ্ৰহণ কৰা হয়। অৱশ্যে আজি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে তলাবন্ধ শিথিলতা কৰাৰ প্ৰশ্ন নাহে বুলি মন্তব্য কৰে ।ইয়াক সাংবাদিকৰ আগত মন্ত্ৰীজনে কয় যে অহা ১৪ এপ্ৰিললৈ তলাবন্ধ চলিবই ৷ইয়াত কোনো ধৰণৰ আপোচ কৰা নহয় ।তলাবন্ধ শিথিল কৰা অপপ্ৰচাৰহে চলা বুলি মন্ত্ৰীজনে মন্তব্য কৰে ৷তেওঁ কয় শিথিলতা অনাৰ প্ৰশ্নই নাহে। অসম চৰকাৰ মন্ত্ৰীগোটত যি সিদ্ধান্ত গ্ৰহণ কৰা হয় সেয়া ভাৰত চৰকাৰৰ অধিসূচনা অনুসৰিহে বিবেচনা কৰা হৈছে ।এই প্ৰক্ৰিয়াটো ইমান সহজ নহয় ৷ ইয়াৰ কাৰণে স্বাস্থ্যবিভাগৰ কৰ্তৃপক্ষক আবেদন কৰিব লাগিব ।ডিচিয়ে সেই আবেদন পৰীক্ষা কৰিব ৷উদ্যোগবোৰে স্বাস্থ্য বিধি আৰু সতৰ্কতা নিয়ম অনুসৰি পালন কৰিবনে নাই সেই কথা ডিচিয়ে পৰীক্ষা কৰিব। তদুপৰি আবেদন কৰা উদ্যোগটো খোলাৰ প্ৰয়োজনীয়তাও পৰীক্ষা কৰা হ’ব ৷উল্লেখ্য যে কালি মন্ত্ৰী গোটৰ বৈঠকে গ্রহণ কৰা এটা অন্যতম সিদ্ধান্ত হ’ল চাহ বাগিছাসমূহ সংশিষ্ট জিলা উপায়ুক্তৰ অনুমোদন সাপেক্ষেহে খুলিব পাৰিব। বাগিছা বোৰ খুলিলেও তাৰ স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশৱলীৰ মতে সকলো কাম চলাব লাগিব। অন্যহাতে, খাদ্য সংশোধন উদ্যোগ যেনে আটা মিল, ধান মিল, বিস্কুট ফেক্টৰী আদিও জিলা উপায়ুক্তৰ অনুমোদনৰ ভিত্তিতহে খুলিব পাৰিব। কাইলৈৰ পৰা নিত্য ব্যৱহার্য সামগ্ৰীৰ দোকান খোলাৰ সময়সূচীৰ সালসলনিও কৰিব পাৰিব। কিন্তু এই ক্ষেত্ৰটো প্ৰয়োজন হ’ব উপায়ুক্তৰ অনুমোদন আৰু দোকানবোৰতো ভাইৰাছবিধৰ সংক্ৰমনৰ প্ৰতিৰোধৰ বাবে নিৰ্ধাৰিত নিয়মাৱলী পালন কৰিবই লাগিব। তলাবন্ধৰ কাৰণে ৰাজ্যত কৃষিকাৰ্য ব্যাহত হয় ।ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈৰ পৰা স্বাস্থ্যসন্মত নিৰ্দেশনা মানি কৃষকসকলে কৃষিকাৰ্য কৰিব পাৰিব বুলি মন্ত্ৰীগোটৰ বৈঠকত সিদ্ধান্ত লোৱা হয় ।লগতে তলাবন্ধৰ কাৰণে শ্ৰীৰামপুৰত আৱদ্ধ হৈ থকা ট্ৰাকসমূহ কাইলৈৰ পৰা অসমত প্ৰবেশৰ অনুমতি দিয়া হ’ব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ইফাল অনাগত বাৰিষাৰ প্ৰতি লক্ষ্য কৰি মথাউৰিসমুহৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ৷
তলাবন্ধ শিথিল নহয়ঃহিমন্ত বিশ্ব শৰ্মা
-
By publisher

- Categories: News
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026