সমগ্ৰ বিশ্ব তথা শেহতীয়াকৈ অসমত কৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ৰাজগড়ত জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতাৰ বলি হ’ল দুটাকৈ নাহৰফুটুকী বাঘ । টিংখাং সমষ্টিৰ ৰাজগড়স্থিত আজিজ বাগ চাহ বাগিচা অঞ্চলত মংগলবাৰে নিশা একাংশ হৃদয়হীন লোকে বৰ্বৰভাৱে হত্যা কৰে প্ৰায় দহমহীয়া দুটাকৈ নাহৰফুটুকী বাঘৰ পোৱালী। এই খবৰ লাভ কৰি টিংখাং আৰক্ষীয়ে নিশাই ঘটনাস্থলিত উপস্থিত হৈ মৃত বাঘ দুটা উদ্ধাৰ কৰি টিংখাং আৰক্ষী থানালৈ লৈ আহে। এই নৃশংস ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ইতিমধ্যে টিংখাং আৰক্ষীয়ে ১৪ জন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ইফালে অাজি দুপৰীয়া খোৱাং বন-সংমণ্ডলৰ পৰা অহা এটা বন বিভাগৰ দলে টিংখাং আৰক্ষী থানা চৌহদত মৃত বাঘ দুটাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। ইফালে বন- সংমণ্ডলৰ দলটোৱে আৰক্ষীক এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে বন্যপ্ৰাণী সুৰক্ষা আইনৰ 89/2020, নম্বৰত গোচৰ পঞ্জীয়ন কৰি 188/429/34 ধাৰাৰ অধীনত তদন্ত অব্যাহত ৰাখিছে । আনহাতে কৰ’না ভাইৰাছৰ সময়ত দিয়া তলাবন্ধৰ সময়ত কেনেকৈ উক্ত অঞ্চলৰ কিছুসংখ্যক লোক ওলাই আহি নাহৰফুটুকী বাঘ দুটাক নৃশংসভাৱে হত্যা কৰিলে সেয়া লক্ষ্যণীয় ৷গতিকে প্ৰকৃতিপ্ৰেমী ৰাইজে এই ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে আৰক্ষীক সমগ্ৰ বিষয়টোক তদন্ত কৰিবলৈ আহ্বান কৰিছে ৷
ৰাজগড়ত হানি -খুচি হত্যা কৰিলে দুটাকৈ বাঘ
-
By publisher

Related Content
Donald Trump‘ তিনি লাখৰ পৰা আঠ হেজাৰৰলৈকে হ্ৰাস পালে অবৈধ অনুপ্রৱেশকাৰী ' : ট্ৰাম্পৰ দাবী
By
publisher
March 2, 2025
AAp Assamআপৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত ডাঃ ভবেন চৌধুৰী
By
publisher
March 1, 2025
Cm Himanta Viswa Sarma:বিজেপি চৰকাৰ সমৃদ্ধিশালী আৰু সুৰক্ষিত অসমৰ বাবে
By
publisher
March 1, 2025
Delhi Pollution:দিল্লীত প্ৰদূষণ প্ৰতিৰোধৰ নতুন ব্যৱস্থা, কেতিয়া হ'ব কাৰ্যকৰী ?
By
publisher
March 1, 2025
Kiara Advani Pregnancy:‘জীৱনৰ শ্ৰেষ্ঠ উপহাৰ’, মাতৃ হ'বলৈ ওলাইছে কিয়াৰা আদৱানী
By
publisher
March 1, 2025