সমগ্ৰ বিশ্ব তথা শেহতীয়াকৈ অসমত কৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ৰাজগড়ত জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতাৰ বলি হ’ল দুটাকৈ নাহৰফুটুকী বাঘ । টিংখাং সমষ্টিৰ ৰাজগড়স্থিত আজিজ বাগ চাহ বাগিচা অঞ্চলত মংগলবাৰে নিশা একাংশ হৃদয়হীন লোকে বৰ্বৰভাৱে হত্যা কৰে প্ৰায় দহমহীয়া দুটাকৈ নাহৰফুটুকী বাঘৰ পোৱালী। এই খবৰ লাভ কৰি টিংখাং আৰক্ষীয়ে নিশাই ঘটনাস্থলিত উপস্থিত হৈ মৃত বাঘ দুটা উদ্ধাৰ কৰি টিংখাং আৰক্ষী থানালৈ লৈ আহে। এই নৃশংস ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ইতিমধ্যে টিংখাং আৰক্ষীয়ে ১৪ জন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ইফালে অাজি দুপৰীয়া খোৱাং বন-সংমণ্ডলৰ পৰা অহা এটা বন বিভাগৰ দলে টিংখাং আৰক্ষী থানা চৌহদত মৃত বাঘ দুটাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। ইফালে বন- সংমণ্ডলৰ দলটোৱে আৰক্ষীক এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে বন্যপ্ৰাণী সুৰক্ষা আইনৰ 89/2020, নম্বৰত গোচৰ পঞ্জীয়ন কৰি 188/429/34 ধাৰাৰ অধীনত তদন্ত অব্যাহত ৰাখিছে । আনহাতে কৰ’না ভাইৰাছৰ সময়ত দিয়া তলাবন্ধৰ সময়ত কেনেকৈ উক্ত অঞ্চলৰ কিছুসংখ্যক লোক ওলাই আহি নাহৰফুটুকী বাঘ দুটাক নৃশংসভাৱে হত্যা কৰিলে সেয়া লক্ষ্যণীয় ৷গতিকে প্ৰকৃতিপ্ৰেমী ৰাইজে এই ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে আৰক্ষীক সমগ্ৰ বিষয়টোক তদন্ত কৰিবলৈ আহ্বান কৰিছে ৷
ৰাজগড়ত হানি -খুচি হত্যা কৰিলে দুটাকৈ বাঘ
-
By publisher

Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026