অৰুণাচল প্ৰদেশত আজি ক’ৰ’না ভাইৰাছৰ প্রথমটো ঘটনা । ৩১ বছৰীয়া যুৱকজন কৰ’নাত আক্ৰান্ত বুলি সদৰী কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে| টুইটাৰ জৰিয়তে মুখ্যমন্ত্ৰী জনে আক্ৰান্ত যুৱকজন দিল্লীৰ নিজামুদ্দিনত তবলিগী জামাতত অংশ লৈ ঘূৰি অহাৰ পাছত ২৪ মাৰ্চৰ পৰা কোৱাৰেণ্টাইত আছিল বুলি সদৰি কৰিছে। লোহিত জিলৰ তেজুৰ এই যুৱকগৰাকীৰ দেহত ক’ৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰা পাছত ৰাজ্যখনত আতংকই বিৰাজ কৰিছে | এটা সূত্ৰৰ প্ৰকাশ, ক’ৰ’নাত আক্ৰান্ত যুৱকজন যোৱা ১৬ মাৰ্চত দিল্লীৰ নিজামুদ্দিনত তবলিগী জামাতত অংশ লৈছিল | লুহিত জিলা প্ৰশাসনে তবলিগী জামাতত অংশ লোৱা মুঠ সাতগৰাকী লোককো কোৱাৰেণ্টাইনত ৰাখিছে। এই লোকসকলে যোৱা ডিচেম্বৰ মাহত অসমৰ তিনিচুকীয়া জিলাৰ পৰা একেলগে দিল্লীলৈ যাত্ৰা কৰিছিল। যোৱা ১৯ আৰু ২০ মাৰ্চৰ ভিতৰত নামছাই, লোহিত আৰু ইটানগৰলৈ উভতি আহিছিল। এই সাতগৰাকী লোকে দিল্লীৰ তবলিগী জামাতত অংশ লোৱাৰ বিপৰীতে উত্তৰ প্ৰদেশত বাহৰ পাতিছিল।
অৰুনাচলত কৰ’না আক্ৰান্তৰ প্ৰথমটো ঘটনা
-
By publisher

01.04.2020: Hyderabad: Chemical and metallurgical laboratory making hand sanitiser for Southern central railway staffs who makes Quarantine / Isolation coaches at lalaguda carriage railway work shop in Secunderabad on Wednesday. Express / S Senbagapandiyan.
ADVERTISEMENT
- Categories: COVID-19, News
- Tags: ARUNACHAL PRADESHCovid-19INDIA FIGHTS CORONAVIRUSSTAY HOME STAY SAFE
Related Content
‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?
By
publisher
May 12, 2025
Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট
By
publisher
May 12, 2025
এডভান্টেজ কাৰ ?
By
publisher
May 12, 2025
শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা!
By
publisher
May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
By
publisher
May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
By
publisher
May 11, 2025