বিশ্বজুৰি ক’ৰনাই চলোৱা সন্ত্ৰাসৰ সময়তে ক’ৰনাত আক্ৰান্ত এগৰাকী মহিলাই জন্ম দিলে দুটি যমজ সন্তান।মহিলা গৰাকী মেক্সিকোৰ আন্নামাৰিয়া ৰাফেল গঞ্জলেছ ।গৰ্ভৱতী অৱস্থাতে মহিলা গৰাকীৰ দেহত ধৰা পৰিছিল মাৰাত্মক ক’ভিড -১৯।ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰা পিছতেই মেক্সিকোৰ জেনেৰেল লা ভিলা চিটী হাস্পতালত চিকিৎসাধীন হৈ আছিল ।যোৱা ২৭ মাৰ্চৰ মাজনিশা মহিলা গৰাকীয়ে প্ৰসৱ কৰে এটি পুত্ৰ আৰু এটি কন্যা সন্তান।ধেমালিতে হাস্পতাল খনৰ চিকিৎসকে আন্নামাৰিয়াক কৈছিল যে তেওঁৰ ভাইৰাছ আৰু ক’ৰনা নামেৰে দুটি সন্তান জন্ম হৈছে ।কিন্তু এই নাম দুটা আন্নামাৰিয়াই খুবেই পছন্দ কৰে ।লগতে পুত্ৰৰ নাম ভাইৰাছ আৰু কন্যাৰ নাম ক’ৰনা ৰাখিবলৈ সিদ্ধান্ত লয়।কিন্তু চিকিৎসক গৰাকীয়ে কয় যে তেওঁলোকে ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে ধেমালিতে এইদৰে মহিলা গৰাকীক কৈছিল কিন্তু আশা কৰা নাছিল মহিলা গৰাকীয়ে সচাঁকৈয়ে যমজসন্তানৰ নাম ক’ৰনা আৰু ভাইৰাছ ৰাখিব বুলি ।
ক’ভিড -১৯ আৰু দুটি যমজ সন্তান
-
By publisher

- Categories: COVID-19, News
- Tags: AssamASSAM CORONA VIRUSASSAM FIGHTS CORONAVIRUSCovid-19Mexico
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026