কৰ’না ত্ৰাসৰ মাজতে চীনৰ বজাৰত পুনৰ বিক্ৰী বাদুলি,পেংগুলিন,কুকুৰৰ মাংস

ows 158009286181244

কৰ’না ত্ৰাসৰ মাজতে চীনৰ বজাৰত বিক্ৰী হৈছে বাদুলি,পেংগুলিন আৰু কুকুৰৰ মাংস। চীনৰ লগতে বিশ্বৰ অন্যান্য দেশত ক’ভিড ১৯ ভাইৰাছৰ সংক্ৰমণে তাণ্ডৱ অব্যাহত ৰখাৰ সময়তে চীনত পুনৰ মুকলি হ’ল জন্তুৰ মাংসৰ বজাৰ ৷বেইজিঙৰ এই সিদ্ধান্ত অতি বিপদজনক আখ্যা দিলে একাংশ চিকিৎসা বিজ্ঞানীয়ে ৷ বাদুলিৰ মাংস ভক্ষণ কৰাৰ কাৰণে হুবেই প্ৰদেশৰ এজন ৫৫ জন বছৰীয়া লোক কৰ’নাত প্ৰথম আক্ৰান্ত হৈছিল বুলি যুক্তি দৰ্শাই এইসকল চিকিৎসকে ৷

লগতে চিকিৎসকসকলে মন্তব্য কৰে যে কৰ’না সংক্ৰমণে ভয়াৱহ ৰূপ অব্যাহত ৰখাৰ সময়ত এইদৰে বনৰীয়া জীৱ জন্তুৰ মাংস মুকলিকৈ বিক্ৰী কৰিবলৈ অনুমতি দি বেইজিঙত ভুল কৰিছে ৷য়ুহানৰ এখন পশুৰ মাংসৰ বজাৰৰ পৰই কৰ’না ভাইৰাছৰ সংক্ৰমণ ঘটিছিল বুলিও ব্যাপক প্ৰচাৰ চলি আহিছে। কৰ’নাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতো চীন চৰকাৰে বনৰীয়া জন্তুৰ মাংসৰ বজাৰখন বন্ধ কৰি দিছিল ৷কিন্তু শেহতীয়াভাৱে স্থানীয় প্ৰশাসনে মাংসৰ বজাৰখন মুকলি কৰিবলৈ অনুমতি দিয়ে ৷

Exit mobile version