কৰ’না সংক্ৰমণৰ কেন্দ্ৰবিন্দু নিজামুদ্দিন

Nizamuddin gathering Polic
এই মুৰ্হূতত মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহ প্ৰেক্ষাপটত দেশৰ সবাতোকৈ উদ্বেগজনক স্থান হৈ পৰিছে দিল্লীৰ নিজামুদ্দিন অঞ্চল ৷ইয়াত অনুষ্ঠিত এক ধৰ্মীয় সমাবেশত অংশগ্ৰহণকাৰীয়ে দেশৰ বিভিন্ন অঞ্চললৈ কৰ’না ভাইৰাছ কঢ়িয়াই উভতি যোৱাৰ পাছত আতংক বহুগুণে বৃদ্ধি পাইছে ৷হেজাৰ হেজাৰ লোক নিজামুদ্দিনৰ এই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ পাছতো একেলগে আছিল।
ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ হস্তক্ষেপত ৩৬ ঘন্টীয়া অভিযানৰ পাছত দিল্লী আৰক্ষীয়ে নিজামুদ্দিনৰ ছমহলীয়া অট্টালিকাৰ পৰা ২,৩০০ ৰো অধিক মানুহক উলিয়াই আনে। এই কাম কৰিবলৈ মূৰৰ ঘাম মাটিত পেলাবলগীয়া হ’ল দিল্লী আৰক্ষীয়ে ৷তথ্য অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ অনুসৰি নিজামুদ্দিন মাৰ্কাজৰ মুৰব্বী মৌলনা ছাদক সাক্ষাৎ কৰিবলৈ উপস্থিত হ’য় ডোভাল। দিল্লী আৰক্ষী আৰু অন্যান্য সুৰক্ষা সংস্থাসমূহৰ বাৰম্বাৰ অনুৰোধক কেৰেপ কৰা নাছিল তবলিগি জামাতৰ মুৰব্বী ছাদে ।
ইয়াৰ পিছত ২৮,২৯ মাৰ্চৰ নিশা প্ৰায় দুই বজাত ডোভাল গৈ নিজামুদ্দিন মাৰ্কাজত উপস্থিত হয় আৰু মৌলনা ছাদক সাক্ষাৎ কৰি বিল্ডিঙৰ ভিতৰত থকা লোকসকল কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰীক্ষাৰ বাবে তথা কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰিবলৈ সন্মত হয় ৷উল্লেখ্য যে মৌনানা ছাদৰ আজোককাক মৌলানা ইলিয়াছ কান্দলৱিয়ে তবলিগি জামাত প্ৰতিষ্ঠা কৰিছিল। সেই সময়ত মেৱাটি অঞ্চলত ইয়াক প্ৰতিষ্ঠা কৰা হৈছে ।
ইয়াৰে গ্ৰামাঞ্চলৰ ধৰ্মান্তৰিত মুছলমানসকলে মেয়ৰৰ ৰাণা সংঘৰ স’তে খানোৱাৰ যুঁজত মোগল সম্ৰাট বাবৰৰ বিৰুদ্ধে ১,৫২৭ ত যুঁজ দিছিল ৷ইতিহাস প্ৰসিদ্ধ পাণিপথৰ যুঁজৰ পাছত হৈছিল খানোৱাক যুঁজ ৷জামাতে কি দৰে এজন ভাল মুছলমানহ’ব পাৰি সেই বিষয়ে ইছলামৰ ধৰ্মগ্ৰন্থ কোৰানৰ ভিত্তিত আলোকপাত কৰে ৷সম্প্ৰতি এই সংগঠনটো বহুধা বিভক্ত হৈছে ৷পাকিস্তানে দক্ষিণ এছিয়াত নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ আৰু মৌলবাদৰ প্ৰসাৰ ঘটাবলৈ একাংশ তবলিগি সদস্যক ব্যৱহাৰৰ পাছতে সংগঠনটোৰ মাজত বহু বিভাজন ঘটে ৷
Exit mobile version