দিল্লী-বহিঃ ৰাজ্যৰ পৰা অহা বহুলোকৰ আত্মগোপন ৰাজ্যত

a6ae6f78 72af 11ea a661 3f092763af1a 1585595801255 1585596208365

দিল্লীৰ নিজামুদ্দিনৰ তবলিগি মাৰ্কাজী জামাতত অংশগ্ৰহণ কৰি অসমৰ কমেও ১৬ জন লোক ক’ভিদ-১৯ ত আক্ৰান্ত হৈছে। তাৰে অসমত যিকেইজনৰ শৰীৰত এই ভাইৰাছ ধৰা পৰিছে তেওঁলোকৰ লগতে সন্দেহজনক বহুলোকক ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত কোৱাৰেণ্টাইনত ৰখা হৈছে। অসমত ধৰা সকলৰ ভিতৰত তিনিজনেই হ’ল জাগীৰোডৰ।

আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰী কৰাৰ লগতে সমগ্র মৰিগাঁও জিলাত আতংক বিয়পি পৰে। আক্ৰান্ত লোক কেইজনৰ ঘৰ জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত তিনিখন ভিন ভিন গাঁৱত। সেই অনুসৰি নুৰুদ্দিনৰ ঘৰ কুইয়াদল, হজৰত আলীৰ ঘৰ ঘুনুচাহাবি আৰু জোনাব আলীৰ ঘৰ চেনিমাৰীত। প্ৰসংগ ক্ৰমে জাগীৰোডৰ আৰক্ষীয়ে ভিন ভিন গাঁৱৰ ৬ জন লোকক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰিছিল।

অন্যহাতে, দিল্লীৰ ধৰ্মীয় অনুষ্ঠানটোত অংশ লৈ ঘূৰি অহা মৰিগাঁৱৰ আন ১৪ জন লোকক লাহৰীঘাটত ৰখা হৈছে। তিনিজন লোক ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছতো কিন্তু আতংকৰ মাজতে আন একাংশ সমাজ বিৰোধী লোকে চলিত তলাবন্ধৰ উলংঘা কৰি ঘূৰি ফুৰা ৰাইজৰ পৰিলক্ষিত হৈছে। এই খবৰে সচেতন ৰাইজক উদ্বিগ্ন কৰাৰ মাজতে লাহৰীঘাটত বহিঃ ৰাজ্যৰ পৰা অহা অপঞ্জীয়নভুক্ত বহুলোকে চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলৰ নিদ্ৰাহৰণ কৰিছে। বহুতে আনকি পৰিচয় গোপনে ৰাখি পিয়াপি দি ফুৰাৰ অভিযোগ উঠিছে।

Exit mobile version