পানবাৰীত সম্প্ৰীতিৰ নিদৰ্শন

bagaribari deadbody

ৰাজ্যত কৰ”না ভাইৰাছৰ ভয়াৱহতাৰ মাজতে ধুবুৰী জিলাৰ বগৰীবাৰীৰ নিকটৱৰ্তী পানবাৰীত ৰঙামাটিৰ এজন গাঁৱত দেখিবলৈ পোৱা গ’ল ভাতৃত্ববোধৰ উৎকৃষ্ট নিদৰ্শন। বাৰ্ধক্যজনিত কাৰণত ৭৫ বছৰীয়া শান্তি দেৱী নামৰ বৃদ্ধা গৰাকীৰ মৃত্যুৰ পিছত সৎকাৰ কৰিলে স্থানীয় মুছলমান যুৱকসকলে ৷ কৰ’না ভাইৰাছ প্ৰতিৰোধৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশত তলাবন্ধৰ ঘোষণা কৰাৰ সময়তে শান্তি দেৱীৰ মৃতদেহক লৈ সমস্যাত পৰে পৰিয়ালৰ লোকসকল ।

ADVERTISEMENT

এনে সময়তে আলমগঞ্জ ৰঙামাটি আমছুৰ আঞ্চলিক সমিতিৰ সভাপতি ইছমাইল হক আৰু সম্পাদক আজাহাৰ আলীৰ নেতৃত্বত প্ৰায় ২৫ গৰাকী ইছলাম ধৰ্মৰ যুৱকে মৃতদেহটো কঢ়িয়াই নি শ্মশানত সৎকাৰ কৰে ৷উল্লেখযোগ্য যে যি সময়ত একাংশ লোকে ছ’চিয়েল মিডিয়াকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰ্মৰ নামত বিতৰ্কৰ সৃষ্টি কৰিছে ৷তেনে সময়তে পানবাৰী অঞ্চলৰ ইছলাম ধৰ্মালম্বী ৰাইজে দাঙি ধৰিছে সম্প্ৰীতি আৰু মানৱতাৰ নিদৰ্শন ৷

Exit mobile version