ওদালগুৰিৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী ৰিহন দৈমাৰীৰ

IMG 20200403 WA0009

বিশ্বব্যাপী মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ভিড-১৯ত দেশৰ লগতে হঠাৎ ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে আজি দিনৰ ১১ বজাত ওদালগুৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰিহন দৈমাৰীয়ে।  মন্ত্ৰীগৰাকীয়ে আজি ওদালগুৰি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চাফ-চিকুনতাৰ লগতে আইচলেচন কক্ষ পৰিদৰ্শন কৰি ভাইৰাছবিধৰ স’তে মোকাবিলা কৰিবলৈ সকলো ধৰণৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰে‌। মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত দেখা পোৱা বিভিন্ন ক্ষেত্ৰৰ সুৰঙা থকাৰ কথা উল্লেখ কৰি তাৎক্ষণিকভাৱে এইবোৰ নোহোৱা কৰিবলৈ কৰ্তৃপক্ষ‌ক নিৰ্দেশ দিয়ে।

ইয়াৰ পাছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী দৈমাৰীয়ে কয়,”কৰ’না সন্দৰ্ভত হব পৰা সাম্ভাৱ্য পৰিস্থিতিত সৈতে মোকাৱিলা কৰিবলৈ ওদালগুৰি জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে। কিছুদিন পূৰ্ৱে দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ পৰা অহা কেইগৰাকীমান লোকক পৰীক্ষা কৰা হৈছিল যদিও তেওঁলোকৰ নমুনাত কোনো ধৰণৰ কৰ’না ভাইৰাছৰ সংক্ৰমণ লাভ কৰা হোৱা নাই। বৰ্তমানলৈ ওদালগুৰি জিলাখনত তিনিটাকৈ কোৱাৰেনটাইন কক্ষ স্থাপন কৰা হৈছে। জিলাখনত আজি পৰ্যন্ত সৰ্বমুঠ ২৩৪ খন বিচনাযুক্ত আইচলেচন কক্ষৰ লগতে ২৯০ খন বিচনাযুক্ত ২০ টা কোৱাৰেনটাইন কক্ষ সাজু কৰি ৰখা হৈছে। আনহাতে ওদালগুৰি অসামৰিক চিকিৎসালয় চৌহদত আইচিইউ স্থাপনৰ বাবে কক্ষ আছুটীয়াকৈ ৰখা হৈছে। জিলাখনত আজি পৰ্যন্ত সৰ্বমুঠ ২৩৪ খন বিচনাযুক্ত আইচলেশ্বন কক্ষৰ লগতে ২৯০ খন বিচনাযুক্ত ২০ টা কোৱাৰেনটাইন কক্ষ সাজু কৰি ৰখা হৈছে। আনহাতে ওদালগুৰি অসামৰিক চিকিৎসালয় চৌহদত আইচিইউ স্থাপনৰ বাবে কক্ষ আছুটীয়াকৈ ৰখা হৈছে। সেয়েহে ৰাইজে কোনো ভয় শংকা নকৰাকৈ লকডাউন মানি চলি নিজ নিজ গৃহৰ ভিতৰতে আৱদ্ধ থাকক। জনস্বাস্থ্য কাৰীকৰী বিভাগে সমগ্ৰ ৰাজ্যতে অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত চহৰে-গাৱে ছেনিটাৰাইজ কৰাৰ প্ৰক্ৰিয়া চলাই আছে আৰু শীঘ্ৰে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব।”

Exit mobile version