জটিল সময়ত আমি একেলগে আশাৰ পোহৰক জাগ্ৰত কৰোঁ আহক- মুখ্যমন্ত্ৰী

vvv

দেশৰ সামূহিক শক্তিৰ জাগৰণৰ বাবে  প্ৰধানমন্ত্ৰী শ নৰেন্দ্ৰ মোদীয়ে জনোৱা আজিৰ আহ্বানে দেশবাসীক নতুন উদ্যম যোগালে বুলি মত পোষণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । তেওঁ সামাজিক মাধ্যমত  এই কথা ব্যক্ত কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পাঁচ এপ্ৰিলৰ নিশা ন বজাত নিজ নিজ ঘৰৰ লাইট  অফ্ কৰি ঘৰৰ দুৱাৰমুখ নাইবা বাৰাণ্ডাত ন মিনিটৰ বাবে এগছি চাকি, মমবাতি, টৰ্চ নাইবা ম’বাইলৰ ফ্লেচ লাইট জ্বলাবলৈ সমগ্ৰ অসমবাসীকে আহ্বান জনায়। এই জটিল সময়ত আমি একেলগে আশাৰ পোহৰক জাগ্ৰত কৰোঁ আহক বুলি মুখ্যমন্ত্ৰীজনে আহ্বান জনাই  এই সময়ছোৱাত যাতে কোনে লোককে ঘৰৰ বাহিৰলৈ ওলাই নাযাবলৈ আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ একতাৰ শক্তিৰেই আমি ক’ৰোণা মহামাৰীক পৰাজিত কৰিব পাৰিম বুলি কয়। উল্লেখ্য যে আজি পুৱা ন বজাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ প্ৰায় ১২ মিনিটৰ এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি  ১৩০ কোটি ভাৰতীয়ক  পুনৰ পাঁচ এপ্ৰিল ৰবিবাৰে নিশা ন বজাত ন মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি ঘৰৰ দুৱাৰমুখত অথবা বেলকনিত মমবাতি, চাকি, টৰ্চ লাইট নাইবা মোবাইলৰ ফ্লাচ  জ্বলাবলৈ আহ্বান কৰিছিল ।

 

Exit mobile version