সমাৱেশত যোগদান কৰা ব্যক্তিৰ সংস্পৰ্শলৈ অহা ন হেজাৰক কোৱাৰেন্টাইন
দেশত মাৰাত্মক কৰ’না ভাইৰাছ আক্ৰান্তৰ সংখ্যা ভয়াবহভাৱে বৃদ্ধি পাইছে । ইয়াৰ অন্যতম কাৰণ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতৰ সমাৱেশ বুলি ইতিমধ্যে স্পষ্ট হৈছে । এই ভয়াবহ পৰিস্থিতিৰ স’তে মোকাবিলা কিদৰে কৰিব পাৰি তাকে লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ টোপনি হৰিছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশৰ কমেও ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নিজামুদ্দিনলৈ যোৱা মানুহ বিয়পি পৰিছে । ইয়াৰে ভিতৰত সমাৱেশত যোগদান কৰা দেশ-বিদেশৰ প্ৰায় দুহেজাৰ আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহাসকলকে ধৰি ন হেজাৰ লোকক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে তথ্য সদৰী কৰে । কালি এক সংবাদমেলত মন্ত্ৰণালয়ৰ যুটীয়া সচিব পুনিয়া সলিল শ্ৰীবাস্তৱে কয়, ‘নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত যোগদান কৰা আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা প্ৰায় ন হেজাৰজনক চিনাক্ত কৰা হৈছে আৰু কোৱাৰেণ্টাইনলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ ভিতৰত ১৩০৬ জনেই বিদেশী নাগৰিক ।’
ইপিনে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ২৩ খন ৰাজ্যৰ প্ৰায় ৮৫০ জনক চিনাক্ত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁলোকৰ ভিতৰত ক’ভিড-১৯ত আক্ৰান্ত ৩৫০জনৰো অধিক বুলি কয় । এইসকলক কোৱাৰেণ্টাইন কৰা হৈছে । তদুপৰি দিল্লী আৰু বিভিন্ন ৰাজ্যৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে কে’বাহেজাৰ লোক। তেওঁলোকৰ বহুতৰে পৰীক্ষাৰ ফলাফল অহা নাই । সূত্ৰত প্ৰকাশ যে নিজামুদ্দিনৰ পৰা উভতি অহা কমেও ন জন এই পৰ্যন্ত দেশজুৰি মৃত্যু হৈছে ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ যে নিজামুদ্দিনৰ মছজিদক ইতিমধ্যে বীজাণুমুক্ত কৰাৰ কাম আৰম্ভ হৈছে । তদুপৰি মছজিদৰ তিনি কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলত বসবাস কৰা বাসিন্দা , দোকানী, ঘৰৰ বাহিৰলৈ কাম কৰিবলৈ যোৱা সকলোকে স্বাস্থ্য পৰীক্ষাৰ সিদ্ধান্ত লোৱা হৈছে । চৰ্দি, কাহ, জ্বৰৰ দৰে সামান্য উপসৰ্গ ধৰা পৰিলেও তেওঁলোকৰ ক’ভিড-১৯ৰ পৰীক্ষাৰ সিদ্ধান্ত লোৱা হৈছে । ইতিমধ্যে এই কাম আৰম্ভ হৈছে । তিনি কিলোমিটাৰৰ উপৰি আৰু দুই কিলোমিটাৰ মুঠ পাঁচ কিলোমিটাৰ অঞ্চলক সম্পূৰ্ণ পৰ্যবেক্ষণত ৰখা হ’ব । গৃহ মন্ত্ৰণালয়ে ভিছাৰ নীতি ভংগ কৰি সমাৱেশত অংশগ্ৰহণকাৰী ৯৬০জন বিদেশীৰ ভিছা ব্লেকলিষ্টেড কৰি বাতিল কৰে । এইসকল লোকে ভাৰতত দুনাই কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰিব ।