ক’ৰনা ভাইৰাছৰ নতুন আতংক 

01ldh01 1585716831
দিল্লীৰ তবলিগি জামাতৰ পৰা ক’ৰনা ভাইৰাছৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে ।অসমতো এই তবলিগি জামাতৰ পৰা উভতি অহা একাংশ লোকৰ জৰিয়তে ক’ভিড -১৯ ভাইৰাছ বিধ অসমলৈ অহাটো প্ৰমাণিত হৈছে ।ৰাজ্য চৰকাৰে উভতি অহা অধিকাংশ লোককে চিনাক্ত কৰি নমুনা পৰীক্ষা অব্যাহত ৰাখিছে ।স্বাস্থ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই জনাই যে জামাতৰ পৰা ঘূৰি অহা ৰাজ্যৰ  আটাইকেইজনৰে তথ্য চৰকাৰে পাবলৈ সক্ষম হৈছে ।
তবলিগি জামাতৰ শেষত ধর্মীয় কাম-কাজ আৰু ধৰ্ম প্ৰচাৰৰ বাবে ভিন ভিন ৰাজ্যলৈ  যাত্ৰা কৰে ।অসমলৈ ও আন আন ৰাজ্যৰ পৰা লোক আহিছে । বহিঃ ৰাজ্যৰ লোকৰ বিষয়টো স্বাস্থ্য আৰু অসম আৰক্ষী বিভাগে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে ।ইয়াকে লৈ দুয়োটা বিভাগৰ মাজত কেইবালানি আলোচনা ও অনুষ্ঠিত হৈছে।এই প্ৰসংগতে অসম আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰই জনাই যে আশ্ৰয় লৈ থকা বহিঃ ৰাজ্যৰ লোকসকলৰ তথ্য আৰক্ষী বা জিলা প্ৰশাসনক জনাবলৈ বাৰে বাৰে অনুৰোধ কৰি থকা হৈছে যদিও সেই অনুপাতে সহাঁৰি কম ।
আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ বৈঠকত উলিওৱা হিচাপ অনুসৰি যোৱা২৪মাৰ্চৰ মাজনিশাৰ পৰা দেশত তলাবন্ধ ঘোষণা কৰা হয় আৰু ২৩ মাৰ্চ পৰ্যন্ত তবলিগি জামাতৰ পৰা বহিঃ ৰাজ্যৰ বহুলোক অসমলৈ আহে ।একেদৰে নলবাৰীৰ মোল্লাপাৰাটো উত্তৰ প্ৰদেশৰ এটা দলে বাহৰ পাতি আছিল।ৰাইজৰ সহযোগত সেই তথ্য জিলা প্ৰশাসনে লাভ কৰা পাছত তাৰে আৰ্ছাদ আলী নামৰ  এজনৰ উপৰি আন তিনিজন সদস্যৰ শৰীৰত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰে ।সেয়েহে ৰাজ্যখনলৈ এই বিষয়তটো লৈ আতংক হৈ পৰিছে ।
Exit mobile version