গোলাঘাটৰ মেৰাপানীত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা পাঁচ জনলৈ বৃদ্ধি

IMG 20200403 WA0006

বিশ্বজুৰি বিভীষিকা সৃষ্টি কৰা মৃত্যুদুত ৰূপী কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা গোলাঘাট জিলাৰ মেৰাপানীত পাঁঁচগৰাকীলৈ বৃদ্ধি পালে |
শেহতীয়াকৈ দিল্লীৰ নিজামুদ্দিন মৰ্কজৰ পৰা অহা মেৰাপানীৰ পাঁচজন লোকৰ দেহত ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ তথ্য জিলা স্বাস্থ্য বিভাগে সদৰি কৰিছে । উল্লেখ্য যে বৰ্তমানলৈকে গোলাঘাট জিলাত মুঠ ন জন লোক ক’ভিড -১৯ ত আক্ৰান্ত হৈছে আৰু ইয়াৰে পাঁচজন মেৰাপানী অঞ্চলৰ ।

যোৱা ২২ মাৰ্চ তাৰিখে নিজামুদ্দিনৰ পৰা নিজ গৃহ উপস্থিত হোৱা মেৰাপানী অঞ্চলৰ সাত জনৰ ভিতৰত ইতিমধ্যে পাঁচ জন আক্ৰান্ত হৈছে কৰ’নাত । প্ৰথম অৱস্থাত মেৰাপানী ইছলাম পুৰ গাৱৰ জেচমিনা বেগম ,ৰামপুৰৰ ইয়াকুৱ আলি আৰু তেঁওৰ পত্নী ৰূমা বেগম , ভেলৌগুৰিৰ চালেহা বেগম নামৰ এই চাৰিগৰাকীৰ ক’ভিড -১৯ ত আক্ৰান্ত হোৱা পাছত শুক্ৰবাৰে ভেলৌগুৰিৰ চালেহা বেগম স্বামী ৰহিমুদ্দিন ওৰফে ৰহিমৎ আলিৰ ক’ভিড -১৯ত আক্ৰান্ত হোৱাৰ নিশ্চিত কৰে চিকিৎসকে ।

Exit mobile version