ক’ভিড-১৯ ৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত দেশজুৰি অব্যাহত থকা ২১দিনীয়া তলাবন্ধৰ ফলত নগাঁও জিলাৰ ব্ৰয়লাৰ পালক সকল চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে। লকডাউনে জনজীৱন স্তব্ধ কৰাৰ লগতে প্ৰশাসনেও মাছ-মাংসৰ বিক্ৰীত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত জিলা খনৰ ব্ৰয়লাৰ পালক সকলৰ জীৱনলৈ চৰম দুৰ্যোগ নামি আহিছে |
উল্লেখ্য যে, জিলাখনৰ দক্ষিণপাট,জাগিয়াল,ঘাঁহী,পেটবহা,বৰক’লা, ননৈ,পাথৰী,বৰঘাট,অৰ্জুনতল,দেউধৰ,মৰিকলং,বঢ়মপুৰ,উৰিয়াগাঁও,জাজৰি,দলংঘাট,হাতীচোং,ডিমৌ,ফুলগুৰি,জামুগুৰি,চকলাঘাট,কুজিঁডাহ,কাছমাৰী,মাজজাজৰি,ৰজাগাওঁ,ৰাইদঙ্গীয়া,বটদ্ৰৱা,ধিং,আইভেটী,নমাটী,ভালুকমাৰী,ভোমোৰাগুৰি,ৰহঢলা,কাকমাৰী,গানধীবড়ী,ৰূপহী,গটঙা,অওনা,পলাশনি,পুৰনিগুদাম,কাষৰী গাওঁ আদি অঞ্চল সমূহৰ বহু শিক্ষিত তথা কৰ্মোদ্যমী ব্যক্তি-উদিয়মানযুৱকে বিভিন্ন কোম্পানীৰ ব্যৱস্থাপনাত ব্ৰয়লাৰ মুৰ্গী পালন কৰি জীৱিকা নিৰ্বাহ কৰি একোটা পৰিয়াল পোহপাল দি আহিছিল।
সম্প্ৰতি দেশজুৰি চলি থকা লকডাউনৰ বাবে ব্ৰয়লাৰ ফাৰ্মসমূহত বিভিন্ন কম্পেনীসমূহে যোগান ধৰিব পৰা নাই পৰ্যাপ্ত পৰিমানৰ খাদ্য সামগ্ৰীৰ লগতে দৰৱপাতি ৷ খাদ্যৰ অভাৱত এই অঞ্চল সমূহৰ ব্ৰয়লাৰ ফাৰ্ম সমূহত ইতিমধ্যে বহু ব্ৰয়লাৰ মুৰ্গীৰ মৃত্যুমুখত পৰিছে ৷ অৱশ্যে,যি বোৰ ফাৰ্মত বৰ্তমান সীমিত সংখ্যাক ব্ৰয়লাৰ মুৰ্গী মজুত আছে সেই ব্ৰয়লাৰ মুৰ্গী সমূহো বজাৰৰ অভাৱত বিক্ৰী কৰিব নোবাৰি ব্ৰয়লাৰ পালক সকল হতাশ হৈ পৰিছে ৷ ঠায়ে-ঠায়ে বহু ব্ৰয়লাৰ পালকে ফাৰ্মৰ পৰাই প্ৰতিকেজি ব্ৰয়লাৰ ২৫-৩০ টকা প্ৰতি কেজি মূল্যত বিক্ৰী কৰিব লগাত পৰিছে ৷ এই দূৰ্যোগপূৰ্ণ পৰিস্থিতিৰ পৰা জিলা খনৰ ব্ৰয়লাৰ পালক সকলক শীঘ্ৰে উদ্ধাৰ কৰিবলৈ বিভাগীয় উদ্ধৰ্তম কতৃপক্ষক তেওঁলোকে আহ্বান জনাইছে ৷
