বৰপেটা জিলাত ক’ৰোনা ভাইৰাছক কেন্দ্ৰ কৰি উদ্ভৱ হ’ব পৰা সাম্ভাব্য পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ জিলা প্ৰশাসনে বিভিন্ন বিভাগৰ ৩১ জন বিষয়াক দণ্ডাধীশ ক্ষমতা প্ৰদান কৰি ছেক্টৰ বিষয়া হিচাবে নিয়োজিত কৰিছে। সেই উদ্দ্যেশ্যে সমগ্ৰ জিলাখনক ১৫টা মণ্ডল আৰু ৩৩ টা ছেক্টৰত ভাগ কৰা হৈছে। ইয়াৰে নগৰ অঞ্চলক ১০টা আৰু গাওঁ অঞ্চলক ২৩ টা ছেক্টৰত ভাগ কৰা হৈছে । চক্ৰ বিষয়া আৰু পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া সকলক মণ্ডল বিষয়াৰ হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। এই বিষয়াসকলে সংশ্লিষ্ট অঞ্চলত লকডাউন আদেশ সম্পূৰ্ণৰূপে আৰু কাৰ্যকৰীভাবে ৰূপায়নৰ উপৰি বাহিৰৰ পৰা অহা লোকসকলৰ কোৱাৰেন্টাইন নিশ্চিত কৰা, অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ সুচল যোগানৰ ওপৰতো দায়িত্ব অৰ্পন কৰা হৈছে। ইয়াৰ উপৰি জিলাখনৰ গাওঁ পঞ্চায়তৰ ৱাৰ্ড অনুযায়ী এলেকা ভিত্তিক কৰ্মী বাহিনী গঠন কৰা হৈছে। গাঁওবুঢ়া, আশাকৰ্মী, অঙ্গনবাড়ী কৰ্মী, গাওঁ পঞ্চায়তৰ সদস্য, গাওঁ সুৰক্ষা বাহিনী আৰু স্থানীয় শিক্ষকক লৈ এই সমিতিখন গঠন কৰা হৈছে। এই সমিতিসমূহে বহি:ৰাজ্য পৰা আহি ১৪ দিনৰ বাবে আছুতীয়াকৈ থাকিবলগীয়া লোকসকলৰ ওপৰত স্থানীয়ভাৱে নজৰ ৰাখিব । এই পৰ্যন্ত জিলাখনলৈ বৰ্হি ৰাজ্যৰ পৰা ২১৫৪ জন আৰু বিদেশৰ পৰা ৬১ জন লোক মুঠ ২২১৫ জন যোৱা ১৫ মাৰ্চৰ পৰা আজিলৈকে জিলাখনলৈ প্ৰৱেশ কৰিছে। এইসকলৰ ১৯২২ গৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে। বাকী সকলৰো কৰি থকা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে উল্লেখ কৰিছে। এই লোক সকলক নিজৰ ঘৰতে আছুতীয়াকৈ থাকিবলৈ লিখিত ভাবে নিৰ্দেশ দিয়াৰ লগতে হাতত ষ্টাম্প মাৰি দিয়া হৈছে। চিকিৎসকৰ দলে নিয়মীয়াকৈ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি এই পৰ্যন্ত জিলাখনত কোনো লোক কেভিড ১৯ ত আক্ৰান্ত হোৱাৰ নাই বুলি প্ৰশাসনে উল্লেখ কৰিছে।
বৰপেটা জিলাত ২২১৫ জনক হোম কোৱাৰেইন্টাইন : দণ্ডাধীশ ক্ষমতাৰে ৩১ ছেক্টৰ বিষয়া নিয়োজিত
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM CORONAVIRUSCoronaCorona VirusCovid-19
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026