মানৱতাৰ নিদৰ্শন

5

সমগ্ৰ বিশ্বতে সম্প্ৰতি কৰ’না ভাইৰাছৰ আতংক ৷ তেনেসময়তে পশ্চিমবংগৰ শিলিগুৰিৰ ৩০ গৰাকী মগনীয়াই নিজৰ সামৰ্থ্য অনুসৰি সন্মিলিতভাৱে মুঠ চাৰিশ টকা দান হিচাপে আগবঢ়ালে মুখ্যমন্ত্ৰীৰ কৰ’না সাহায্য নিধিলৈ ৷ এটা মাটিৰ টেকেলীত এই ধন সংগ্ৰহ কৰি শিলিগুৰি মহকুমা প্ৰশাসনৰ হাতত তুলি দিয়ে ইউনিক ৱেলফেয়াৰ ছ’চাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ।ধনৰ পৰিমাণ অধিক নহলেও দানকৰ্তাসকলৰ সুহৃদয়তাই মন জয় কৰিছে শিলিগুৰিবাসীৰ ৷

দুবেলাৰ খাদ্যৰ ব্যৱস্থা কৰা সকলৰ এই পদক্ষেপক লৈ আপ্লুত হৈ পৰিছে মহকুমাধিপতি সুমন্ত সহায়ো ৷মহকুমাধিপতিজনে কয় যে তেওঁ চাকৰি জীৱনত ইতিপূৰ্বে এনে ঘটনাৰ সন্মুখীন হোৱা নাছিল ৷ দানৰ ধনখিনি কেৱল ৰাজকোষত জমা কৰিয়ে নিজৰ দায়িত্ব সামৰিব বিচৰা নাই মহকুমাধিপতি সহায়ে ৷তেওঁ এই বিষয়টো উচ্চতম কৰ্তৃপক্ষকো জনাব ৷ইফালে তলাবন্ধৰ সময়ত যোৱা ১০ দিন ধৰি পথৰ মগনীয়াসকলৰ আয়ৰ সকলো পথ বন্ধ হৈ পৰিছে যদিও স্বেচ্ছাসেৱী সংগঠনটোৰ পালে কয় যে স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত এই লোকসকলৰ কাৰণে দৈনিক দুবেলাৰ খাদ্যৰ ব্যৱস্থা কৰা হ’ব ৷

আনহাতে মগনীয়াসকলৰ দৈনিক আয় সাধাৰণতে ৫০-১০০ টকাৰ অধিক নহয় ।উৎসৱৰ সময়ত এই আয় অৱশ্যে বৃদ্ধি পায়। তলাবন্ধৰ এইকেইদিন এবেলাৰ খাদ্যৰ ব্যৱস্থা কৰাটোৱেই মগনীয়াসকলৰ কাৰণে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে ৷গতিকে এনে পৰিস্থিতিৰ মাজতো মুখ্যমন্ত্ৰীৰ কৰ’না সাহায্য নিধিলৈ ৰাজ্যৰ আৰ্তজনৰ চিকিৎসাৰ কাৰণে ধন প্ৰদানৰ সিদ্ধান্তই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

Exit mobile version