মৰিগাঁও জিলাত কৰ’না আক্ৰান্তৰ সংখ্যা চাৰিলৈ বৃদ্ধি

Nizamuddin gathering Polic

মৰিগাঁও জিলাত কৰ’না ভাইৰাছৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি হোৱাৰ খবৰে সম্প্ৰতি সমগ্ৰ জিলাবাসীকে আতংকিত কৰি তুলিছে ৷ মৰিগাঁও জিলা প্ৰশাসনে ইতিমধ্যে দিল্লীৰ নিজামুদ্দিন সভালৈ যোৱা ৫৩ জনৰে মুঠ ২৪ জনক উদ্ধাৰ কৰিছে ।আৰু এই ২৪ জনৰে ৪ জনৰ দেহত কৰ’না ভাইৰাছ আছে বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ৷কৰ’নাত আক্ৰান্ত চাৰিজন লোক হৈছে জাগীৰোডৰ হজৰত আলী,মহম্মদ নুৰুউদ্দিন,জোনাব আলী আৰু জমিয়া খাটুন ৷

ইফালে দিল্লী নিজামুদ্দিনৰ সভাৰ পৰা অহা লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়াল আত্মীয়ৰ বিশেষকৈ জাগীৰোডৰ কৰ’নাত আক্ৰান্ত লোকসকলৰ বাসগৃহৰ পৰা তিনি কিলোমিটাৰ ব্যাসাৰ্দ্ধলৈ ছীল কৰি দিয়া হৈছে। গাঁৱসমূহৰ ৰাইজেও নিজ নিজ অঞ্চলত বাঁহ বান্ধি বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৷ আনহাতে স্বাস্থ্য বিভাগেও এই অঞ্চলত কৰ”না সজাগতা সভা আয়োজন কৰাৰ লগতে অধিক কাৰ্য ব্যৱস্থা লোৱাৰ কাৰণে জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷

Exit mobile version