১৪ দিনৰ বাবে ছীল মহানগৰীৰ স্পেনিছ গাৰ্ডেন

garden

 

গুৱাহাটী মহানগৰীৰ জু-ৰ’ডস্থিত স্পেনিছ গাৰ্ডেনৰ এজন ব্যৱসায়ীৰ দেহত ক’ভিড-১৯ ভাইৰাছ সংক্ৰমণ ধৰা পৰাৰ পাছত শনিবাৰে বিয়লি প্ৰশাসনে চীল কৰি দিয়ে স্পেনিছ গাৰ্ডেন | ১৪ দিনৰ বাবে স্পেনিছ গাৰ্ডেনৰ চৌহদত কোনো ব্যক্তিয়ে প্ৰৱেশ আৰু ভিতৰৰ পৰা কোনো ব্যক্তি ওলাই আহিব নোৱাৰিব |

স্পেনিছ গাৰ্ডেনত বাস কৰা ব্যৱসায়ীজন কৰ’নাত আক্ৰান্ত হোৱা পাছত ব্যৱসায়ীজনৰ সংস্পশলৈ অহা ১১১ গৰাকী ব্যক্তিক প্ৰশাসনে চিনাক্ত কৰাৰ কথা এক সংবাদমেলত উল্লেখ কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰে অধিকাংশ ব্যক্তিক মহানগৰীৰ কালাপহাৰস্থিত আইচলেচন চেন্টাৰত ৰখা হৈছে । অন্যহাতে স্পেনিছ গাৰ্ডেনৰ সমগ্ৰ চৌহদত শনিবাৰে প্ৰশাসনে অগ্নিনিৰ্বাপক বাহিনীৰ জৰিয়তে ছেনিটাইজেশ্যন কৰি বিজানু কৰাৰ প্ৰচেষ্টা হাতত লয় |

Exit mobile version