ৰাজ্যত দ্ৰুতহাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা | কালি পুনৰ আঠজন আৰু আজি এজন লোকৰ শৰীৰত ক’ভিড-১৯ ভাইৰাছ চিনাক্ত হোৱাৰ পাছত ৰাজ্যত আক্ৰান্ত লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পালে বুলি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে | কালি সংক্ৰমণ নিশ্চিত হোৱা আঠজনৰ লোকৰ তিনিজন নলবাৰীৰ, এজনকৈ ক্ৰমে গুৱাহাটী মহানগৰী,কামৰূপ,মৰিগাঁও,গোলাঘাট,দক্ষিণ শালমাৰা জিলাৰ আৰু আজি নিশ্চিত হোৱা লোকজন লক্ষীমপুৰ জিলাৰ | লক্ষ্যণীয় যে কৰ’নাত আক্ৰান্ত এই ২৫ গৰাকী লোকৰ ২৪ গৰাকীয়েই দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত হৈ যোৱা তবলিগি জামাতত অংশগ্ৰহণকাৰী | কেৱল আক্ৰান্ত হোৱা এজন ব্যক্তি অৰ্থাৎ গুৱাহাটী মহানগৰীৰ চিৰিয়াখানা পথৰ এটি বিলাসী এপাৰ্টমেণ্টৰ বাসিন্দজনহে জামাতত উপস্থিত নাছিল | আনহাতে ৰোগ চিনাক্ত হোৱা নলবাৰীৰ তিনিজন আক্ৰান্তৰে ঘৰ উত্তৰ প্ৰদেশত | এই তিনিজন ব্যক্তিয়ে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতত অংশ লৈ তাৰ পৰা পোনে পোনে আহি যোৱা ২২ মাৰ্চত নলবাৰীত উপস্থিত হৈছিল |
ৰাজ্যত দ্ৰুতহাৰত বৃদ্ধি কৰ’নাত আক্ৰান্তৰ সংখ্যা : ২৫ আক্ৰান্তৰ ২৪ জনে জামাতী
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM CORONA VIRUSCoronaCorona Virus
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026