দেশত বিগত ২৪ ঘন্টাত আক্ৰান্তৰ হাৰ সৰ্বাধিক প্ৰায় পাঁচশজন হৈছে ৷এই পৰ্যন্তত ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা প্ৰায় তিনি হাজাৰ আৰু কমেও ৭১ জনৰ মৃত্যু হৈছে ৷শেহতীয়া তথ্য অনুসৰি বিগত পাঁচ দিনত ভাৰতত কৰ’নাৰ আক্ৰান্তৰ সংখ্যা ১০২ শতাংশ বৃদ্ধি পাইছে ।ইপিনে বিগত দুদিনত কৰ’না ভাইৰাছত আক্ৰান্ত প্ৰায় ৬৫০ জন লোক দিল্লীৰ নিজামুদ্দিনৰ তবলিগি জামাতৰ সমাবেশত অংশগ্ৰহণ কৰিছে ৷কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লব আগৰৱালাই এই কথা সদৰি কৰি কয় ’বিগত দুদিনত প্ৰায় ১৪৭ জন কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু তেওঁলোক দিল্লীৰ নিজামুদ্দিনৰ সমাবেশৰ সৈতে জৰিত ৷
ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২১০০ হৈছে ৷ইয়াৰে ২৮ শতাংশই নিজামুদ্দিনৰ সমাবেশৰ সৈতে জৰিত ৷দেশৰ ১৪ খন ৰাজ্যত নিজামুদ্দিনৰ সমাবেশৰ পৰা উভতি যোৱা লোক আক্ৰান্ত হৈছে ৷এই সমাবেশৰ স’তে জড়িত প্ৰায় ১২ জন আক্ৰান্তৰ মৃত্যু হৈছে। দিল্লীৰ তবলিগি জামাতৰ মুখ্য কাৰ্যালয় মাৰ্কাজ নিজামুদ্দিনত দেশ বিদেশৰ হেজাৰ হেজাৰ লোক সমবেত হৈছিল ৷কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি এনে লোকৰ সংখ্যা হ’ব প্ৰায় নহেজাৰ ।বহু সদস্যই তলাবন্ধৰ নিয়ম নীতি ভংগ কৰি ঘূৰি ফুৰিছিল ।সবাতোকৈ আক্ৰান্ত হৈছে তামিলনাডুত ৷ইয়াত তবলিগি জামাতলৈ যোৱা সদস্যসকলৰ ২৬০ জন কৰ’নাত আক্ৰান্ত হৈছে ৷
উত্তৰ প্ৰদেশত ১৭২ জন নতুনকৈ আক্ৰান্ত হৈছে ।ইয়াৰে ৪২ জন নিজামুদ্দিনলৈ গৈছিল ৷অন্ধ্ৰ প্ৰদেশত আক্ৰান্ত হৈছে ১৪৯ জন,ইয়াৰে ১০৮ জন নিজামুদ্দিনৰ স’তৈ জড়িত ৷তেলেংগানাত সমাবেশৰ পৰা উভতি যোৱা ইণ্ডোনেছিয়াৰ এজন তবলিগি সদস্যৰ যোৱা ১৮ মাৰ্চত মৃত্যু হোৱাৰ পাছত আতংক বৃদ্ধি পায় ৷ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ৰাজ্যসমূহলৈ পত্ৰ প্ৰেৰণ কৰে আৰু জামাতৰ পৰা উভতি অহা সকলক সন্ধান কৰিবলৈ কয়। ইপিনে অবৈধভাৱে জামাতত অংশ লোৱাৰ অভিযোগত ৯৬০ খন ব্লেকলিষ্টেড কৰিছে ৷
ইয়াৰ ভিতৰত চাৰিজন আমেৰিকান,নজন ব্ৰিটিছ আৰু ছজন চীনা নাগৰিকো আছে ৷ দেশৰ বিভিন্ন অংশত বৰ্তমান থকা জামাতৰ বিদেশী সদস্যসকলৰ কিছুমান ক’ভিড ১৯ ত আক্ৰান্ত হৈছে ৷এই বিদেশীসকলৰ ভিতৰত আছে ইণ্ডোনেছিয়াৰ ৩৮৯ জন,বাংলাদেশৰ ১১০ ,ম্যানমাৰ ১৬৩ আৰু ৩৩ জন শ্ৰীলংকাৰ তথা কাজাখিস্তান ৭৭ জন,মালয়েছিয়াৰ ৭৫,থাইলেণ্ডৰ ৬৫,ভিয়েটনামৰ ১২,ছৌদি আৰৱৰ নজন আৰু তিনিজন ফান্সৰ ৷
ADVERTISEMENT