অৰুণাচলত   দুই আলফা স্বাধীনৰ সদস্য আটক

IMG 20200405 WA0090

শনিবাৰে অৰুনাচল প্ৰদেশৰ  চাংলাং জিলাৰ  আৰক্ষী ,  সেনাবাহিনীৰ আৰু চি আৰ পি এফ দলে এক গোপন সূত্ৰৰ পম খেদি ম্যানমাৰ সীমান্তৰ লংভি গাঁৱত অভিযান চলাই দুজন আলফা স্বাধীনৰ সদস্যক আটক কৰিবলৈ সক্ষম হয় |অভিযানকাৰী দলটোক  দেখা পায় সদস্য দুজনে সিমান্তৰ দিশে  পলাবলৈ চেষ্টা কৰিছিল যদিও বিফল হয় |

আটকাধীন সদস্য দুজনৰ এজন  ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাই গাঁৱৰ জাহ্নু বৰুৱা(২০) আৰু আনজন কাৰ্বিআংলং জিলাৰ পাৰখোৱা গাঁৱৰ চন্দ্ৰকান্ত লেখাৰু(২৬) ৷ উল্লেখ্য যে  চন্দ্ৰকান্ত লেখাৰু(২৬) পাৰখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল ৷ যুৱকজন ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন তীব্ৰ ৰূপত চলি থকাৰ সময়ৰ পৰাই হঠাৎ নিৰুদ্দেশ হৈ পৰিছিল ৷

সদস্য দুজনে ম্যানমাৰস্থিত আলফা(স্বা)ৰ শিৱিৰৰ পৰা ইন্দো-ম্যানমাৰ সীমান্তই লংভী গাঁৱৰ জংঘলেদি অসমত প্ৰৱেশ কৰিবলৈ আহিছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে যদিও সদস্য দুজনৰ কোনো ধৰনৰ আপত্তীজনক নথিপত্ৰ বা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱা নাই বুলি জানিব দিছে ৷

Exit mobile version