তামিলনাডুত আবদ্ধ বাগসা, বৰপেটাৰ ১৭ জন যুৱক

TN Lockdown

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা তলাবন্ধৰ বাবে ৰাজ্যৰ বহু লোক এতিয়াও বিভিন্ন স্থানত আবদ্ধ হৈ আছে। বিশেষকৈ কৰ্ম সংস্থাপনৰ বাবে বহিঃ ৰাজ্যৰ বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত বহু যুৱক ঘৰলৈ উভতি আহিব পৰা নাই । তামিলনাডুৰ তিৰুপুৰ জিলাৰ কাৰুভেলুত অৱস্থিত এটা কোম্পানীত কৰ্মৰত হৈ থকা বাগসা জিলাৰ বড়িমাখাৰ আৰু বৰপেটাৰ ১৪ জন যুৱক তামিলনাডুত আবদ্ধ হৈ আছে।

ইয়াৰে তিনিজন যুৱক বৰপেটাৰ হাউলিৰ। তেওঁলোকে কয় যে তিনিদিন পূৰ্বে কোম্পানীটোৰ স্বত্বাধিকাৰীয়ে ১৭ জন যুৱকক ১৫ দিনৰ বাবে মাত্র ৫ কিলোগ্ৰাম চাউল, আলু আৰু মিঠাতেল যোগান দিয়ে। মনোমালী নাথ নামৰ যুৱকজনে কয় কয় যে মাত্ৰ ৫ কিলোগ্ৰাম চাউলেৰে ১৭ জনে কিদৰে ১৫ দিন চলিব। অন্যহাতে, আটাইকেইজন যুৱকে একেটা কোঠাতে বাস কৰি আহিছে বুলি তেওঁ জনায়।

বাগসা জিলাৰ বৰবড়ি আৰক্ষী থানাৰ অন্তৰ্গত বড়িমাখাৰ যুৱক কেইজন হৈছে অজয় বৰ্মন, চন্দন মদাহী, মিতু শীল, দিগন্ত মদাহী, জিতু বেজবৰুৱা, বিশ্বজিৎ দাস, শংকৰ দাস, প্ৰাণজিৎ বাসুমতাৰী, সতীশ দাস, মনোৰঞ্জন দাস আৰু শচীন দাস। একেদৰে শালবাৰী মহকুমাৰ বৰপেটাৰ মনোমালী দাস, সমুদ্ৰ নাথ আৰু ৰবীন দাসৰ উপৰি বৰপেটাৰ হাউলিৰ অভিজিৎ দেৱনাথ, নৱজিৎ দাস আৰু মনজিত দাস আবদ্ধ হৈ থকাৰ সম্পৰ্কত প্ৰশাসনক অৱগত কৰা হৈছে।

 

Exit mobile version